প্ৰকাণ্ড অজগৰৰ লগতে চল্লিশৰো অধিক কণী উদ্ধাৰ - Python Rescued - PYTHON RESCUED
🎬 Watch Now: Feature Video


Published : Jun 19, 2024, 10:39 PM IST
যোৰহাট, 19 জুন : যোৰহাট গড়মূৰত এডাল প্ৰকাণ্ড অজগৰৰ লগতে চল্লিশটাৰো অধিক কণী উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে যোৰহাট পূৱ প্ৰান্তৰ গড়মূৰ নিৱাসী মহন দাসৰ ঘৰতে প্ৰকাণ্ড অজগৰৰ লগতে বৃহৎ পৰিমাণৰ কণী থকাৰ কথা পৰিয়াল লোক অৱগত হয় ৷ ইয়াৰ পিচতে ততাতৈয়াকৈ এই বিষয়ে যোৰহাট জিলা বন বিভাগক অৱগত কৰে পৰিয়ালটোৱে ৷
পৰৱৰ্তী সময়ত ব্যক্তিজনৰ ঘৰত বন বিভাগৰ লোক উপস্থিত হোৱাৰ লগতে এই বিষয়ে প্ৰকৃতিপ্ৰেমী আৰু সৰ্পবন্ধু পাৰ্থ সাৰথি হাজৰিকাক অৱগত কৰে ৷ প্ৰকৃতিপ্ৰেমী পাৰ্থ সাৰথি হাজৰিকা আৰু বন বিভাগে যুটীয়াভাৱে এডাল প্ৰকাণ্ড অজগ সাপৰ লগতে চল্লিশটাৰো অধিক কণী উদ্ধাৰ কৰে ৷ ইতিমধ্যে বন বিভাগে অজগৰ আৰু কণীসমূহ উদ্ধাৰ কৰি ৰেচকিউ চেন্টাৰলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক : মৰিয়নীত নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংক - Leopard Scare In Assam