বিগত তিনিদিনে সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ সৌৰভ; চিন্তিত অভিভাৱক - Dhemaji Student Missing - DHEMAJI STUDENT MISSING
🎬 Watch Now: Feature Video


Published : May 30, 2024, 9:56 AM IST
ধেমাজি, 30 মে’ : ক’ত গ’ল সৌৰভ ? কাৰ লগত গ’ল, কোনোবাই অপহৰণ কৰিলে নেকি নে দুষ্টচক্ৰৰ কবলত পৰিছে ? আমি ক’বলৈ লৈছো ধেমাজি ৰূপনগৰৰ সৌৰভ বৰাৰ কথা ৷ বিগত তিনিদিনে সন্ধানহীন হৈ আছে সৌৰভ বৰা নামৰ এগৰাকী ছাত্ৰ ৷
জানিব পৰা মতে, ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত 6 নং ৱাৰ্ডৰ ৰূপনগৰৰ নিবাসী স্বৰ্গীয় দীপক বড়াৰ পুত্ৰ সৌৰভ বৰাই সোমবাৰে ঘৰৰ পৰা প্ৰায় এশ মিটাৰ দূৰৈত অৱস্থিত ৰূপনাথ ব্ৰহ্ম উচ্চ মাধ্যমিক বিদ্যালয়লৈ পূৰ্বৰ দৰে ওলাই গৈছিল ৷ পুৱাই বিদ্যালয়লৈ বুলি যোৱা নৱম শ্ৰেণীৰ অধ্যয়নত ছাত্ৰ সৌৰভে কিন্তু সেইদিনা বিদ্যালয়ত উপস্থিতহে হোৱা নাছিল ৷ অৱশ্যে এই কথা পৰিয়ালৰ লোকে গম পোৱা নাছিল ৷
কিন্তু বিদ্যালয়ৰ চুটিৰ বহু সময় পাৰ হৈ যোৱাৰ পাচতো ঘৰত সৌৰভ উপস্থিত নোহোৱাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক ৷ উক্ত দিনা বিদ্যালয়ত উপস্থিত নোহোৱা বুলি জানিব পাৰি বহু বিচাৰ-খচাৰ কৰাৰ অন্তটো সৌৰভৰ কোনো সম্ভেদ নাপালে পৰিয়ালৰ লোকে ৷
উপায়ন্তৰ হৈ ছাত্ৰ সৌৰভ বড়াৰ খুড়াক নিউটন বড়াই ভতিজাক নিখোজ হোৱা বুলি ধেমাজি সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷ লগতে এই কথা সংবাদ মাধ্যমৰ আগতো অৱগত কৰে ৷ যদিহে কোনো লোকে সৌৰভৰ কোনো সম্ভেদ লাভ কৰে, তেন্তে নিউটন বড়াৰ 9365217661 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক : নীপকোৰ অবিবেচকী কাণ্ড : ৰঙানদীত সন্ধানহীন এজন - Youth Missing in Lakhimpur