২৬ জানুৱাৰী উপলক্ষে চাইকেল খেল অনুষ্ঠিত - republic day
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-01-2024/640-480-20601185-thumbnail-16x9-bhjdkq.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 26, 2024, 10:34 PM IST
হোজাই, 26 জানুৱাৰী : আজি 75 সংখ্যক গণৰাজ্য দিৱস ৷ সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে গণৰাজ্য দিৱস উপলক্ষে হোজাই জিলাৰ নখুটি ৰখাগৰিজানত চাইকেল খেল অনুষ্ঠিত কৰা হয় ৷ শুকুৰবাৰে খাগৰিজান যুৱ সমাজৰ উদ্যোগত সেতুৰ ওপৰেদি চাইকেল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ৰাইজক হাঁহি আনন্দৰ খোৰাক দিয়াৰ উদ্দেশ্যেই খাগৰিজানত এই খেলখন অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷ এই খেলত সৰুৰ পৰা ডাঙৰলৈকে স্থানীয় বহু লোকে অংশগ্রহণ কৰে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই চাইকেল খেল ৷ এই চাইকেল খেল উপভোগ কৰি স্থানীয় লোকে আমোদ পাই বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :ৰাজ্যজুৰি ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন