মিঞা হাটাও অভিযান : চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত স্থবিৰতা - Four Lane National Highway

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 10:51 PM IST

thumbnail
মন্থৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ (ETV Bharat Assam)

টীয়ক, ৩১ আগষ্ট: বৰ্তমান উজনি অসমৰ অন্যতম চৰ্চিত বিষয় মিঞা হাটাও অভিযানৰ ফলত প্ৰাণৰ মমতাত উজনি এৰিছে শ শ বিশেষ সম্প্ৰদায়টোৰ শ্ৰমিকে । জাতীয় সংগঠনসমূহৰ ৰুদ্ৰমূৰ্তিৰ পাছতেই উজনি এৰিছে অধিকাংশ শ্ৰমজীৱী লোকে। ফলত চৰম সমস্যাৰ মুখামুখি হৈছে যোৰহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ।

এই সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীয়ে উল্লেখ কৰা মতে, যোৱা দুদিনতে এম পি আগৰৱালা ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা অন্তৰ্ধান হৈছে শতাধিক শ্ৰমিক । যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য স্থবিৰ হৈ পৰিছে ।

ইপিনে, ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নতুনকৈ শ্ৰমিক অনাৰ ব্যৱস্থা কৰিছে যদিও অভিজ্ঞতা নথকাৰ বাবে পথৰ কাম অধিক লেহেমীয়া হৈছে । ইয়াৰ ফল ভোগ কৰিছে প্ৰতিষ্ঠানটোৰ লগতে উক্ত পথত অহা যোৱা কৰা প্ৰতিগৰাকী যাত্ৰীয়ে । সেয়ে এনে অপপ্ৰচাৰ যাতে আৰু নহয় বা বিশেষকৈ যোৰহাট জিলাত যে এনে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বা হোৱা নাই তাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে যোৰহাটৰ বিভিন্ন দল সংগঠনৰ লগতে সংবাদ মাধ্যমক কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত অসমৰ ঘাইপথ-ৰে'লপথ নিৰ্মাণৰ প্ৰেক্ষাপট : কেন্দ্ৰৰ অসমপ্ৰীতিৰ নমুনা - National Highway in Assam

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ : মেৰামতিৰ দাবীত ডুমডুমাত আছুৰ উত্তাল প্ৰতিবাদ - National Highway 37

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.