চতিয়াত কংগ্ৰেছৰ আদৰণি তোৰণ ভাঙিলে দুৰ্বৃত্তই

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 2:02 PM IST

thumbnail

চতিয়া,২১ জানুৱাৰী: দেওবাৰে পুৱাই বিশ্বনাথত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা । কংগ্ৰেছ নেতাগৰাকীয়ে দেওবাৰে গহপুৰ পৰা আৰম্ভ কৰে ভাৰত জোড়ো ন্যায় যাত্ৰা । ৰাহুল গান্ধীক শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ কংগ্ৰেছ কৰ্মীয়ে আদৰণি জনাবলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবাখনো আদৰণি তোৰণ নিৰ্মাণ কৰিছিল যদিও শনিবাৰে নিশা চতিয়া বিধানসভা সমষ্টিৰ জামুগুৰি আৰু কুসোমতলাত থকা দুখনকৈ কংগ্ৰেছৰ আদৰণি তোৰণ নিশা দুৰ্বৃত্তই ভাঙি নষ্ট কৰে ।  

ইফালে ইয়াৰ পূৰ্বে লখিমপুৰ জিলাতো একাংশ লোকে ৰাহুল গান্ধীৰ বেনাৰ প'ষ্টাৰ ফালি লণ্ডভণ্ড কৰিছিল । একেদৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আদৰণি জনাই ৰাজপথৰ ওপৰত স্থাপন কৰা দুখনকৈ আদৰণি তোৰণ পুৱতি নিশা কোনো এক অশুভ চক্ৰই ভাঙি-ফালি বিস্তৰ ক্ষতি সাধন কৰা কাৰ্যক ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । লগতে এই কাৰ্যত বিজেপি দল জড়িত থকা বুলি অভিযোগ কৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি মুখ্য সাংগঠনিক সম্পাদক অনিল বনিয়াই । 

লগতে পঢ়ক: লখিমপুৰত দুৰ্বৃত্তই ফালিলে পোষ্টাৰ, এজাহাৰ দাখিল জিলা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.