thumbnail

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 3:34 PM IST

ETV Bharat / Videos

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন বিধায়ক ভুৱন পেগুৰ

জোনাই, ২২ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ চিমেন চাপৰিত বৃহস্পতিবাৰে দিনৰ ১.৩০ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় । চিমেন চাপৰিৰ এছ বি বড়ো স্কুল খেলপথাৰত অনুষ্ঠিত 'মোৰ মাটি মোৰ অধিকাৰ' শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ধেমাজি জিলাৰ প্ৰায় ৪০ হেজাৰো অধিক খিলঞ্জীয়া লোকক মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমি পট্টা আনুষ্ঠানিকভাৱে বিতৰণ কৰে ৷ 

ইয়াৰ পূৰ্বে ধেমাজিত অনুষ্ঠিত এক ভূমি পট্টা প্ৰদান কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে এই বিশাল কাৰ্যসূচীৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক সলাগ লৈ কয় যে, অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিয়ে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিছে ৷ 

উল্লেখ্য যে, অহা ২৬ ফ্ৰেব্ৰুৱাৰীত পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ গঠিত হোৱা সংৰক্ষণমুক্ত চিচিবৰগাওঁ সমষ্টিৰ খিলঞ্জীয়া ৰাইজক চিলাপথাৰস্থিত দ'ঞি প'ল সাংস্কৃতিক প্ৰকল্পত আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ কৰিব ৷

লগতে পঢ়ক: লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত কংগ্ৰেছ দল; বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.