জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃয়ে হেৰুৱালে এখন হাত - Clashes between two groups

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 6:43 PM IST

thumbnail
জেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃয়ে হেৰুৱালে এখন হাত (ETV Bharat Assam)

ধুবুৰী,২২ জুন: ধুবুৰীৰ গোলকগঞ্জৰ কমলাঝাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । দুটা ফৈদৰ সংঘৰ্ষত এটি কিশোৰে হেৰুৱালে এখন হাত । শুকুৰবাৰে নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই ঘটনা । ভুক্তভোগীয়ে জনোৱা অনুসৰি দুদিন পূৰ্বে এলেকাটোৰ শিশুসকলৰ মাজত সংঘটিত হোৱা কাজিয়াক লৈ অভিভাৱকৰ মাজত সৃষ্টি হৈছিল মাৰপিটৰ ঘটনা । দুয়োপক্ষই গোলকগঞ্জ থানাত দাখিল কৰিছিল এজাহাৰ । উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই শুকুৰবাৰে নিশা পুনৰ সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা ।  

ঘটনাৰ বিৱৰণী অনুসৰি নিশা এটা পক্ষই আনটো পক্ষক গালি-গালাজ আৰম্ভ কৰে । পিচত দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় । মইনুল হক নামৰ লোকজনৰ নেতৃত্বত টাট্টু, টেম্প, ৰসিদুল, জাহিদুল, ছালোৱাৰকে আদি কৰে কেইবাজনেও দা, কুঠাৰ আদি বিভিন্ন চোকা অস্ত্ৰৰে আনটো পক্ষক আক্ৰমণ কৰে । এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে ৰেহান নামৰ কিশোৰজনৰ হাতত ডেগাৰেৰে ঘঁপিওৱাৰ উপৰি আব্দুল বাৰী নামৰ কিশোৰজনৰ এখন হাত সম্পূৰ্ণৰূপে কাটি নিয়ে ।  

আনহাতে উক্ত ঘটনাত গুৰুতৰভাৱে আহত হয় মঞ্জু আলী আৰু আয়ুব আলী নামৰ দুজন লোক । আহত আটাইকেইজনক প্ৰথমাৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । গোলকগঞ্জ আৰক্ষীয়ে ইতিমধ্যে মইনুল হক নামৰ অভিযুক্তক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.