জোনাইৰ সাপ্তাহিক বজাৰত চোৰাংভাৱে গৰু বিক্ৰীৰ বাবে চেষ্টা; চোৰসহ আটক তিনি - Cattle Smuggling

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 12:53 PM IST

thumbnail
জোনাইত গৰুচোৰে উপদ্ৰৱ (ETV BHARAT ASSAM)

জোনাই, ২৪ জুন : ধেমাজি জিলাৰ জোনাইত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গৰু চোৰৰ উপদ্ৰৱ । আৰক্ষীয়েও গৰু চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় আহিছে ৷ কিন্তু ইয়াৰ মাজতেই একাংশই নিৰ্বিঘ্নে চলাই গৈছে গৰু চুৰি কাৰ্য । জানিব পৰা মতে, দেওবাৰে জোনাই থানাৰ আৰক্ষীয়ে আটক কৰে এটা গৰু চোৰসহ দুই বেপাৰীক । অৱশ্য়ে এটা চোৰে আৰক্ষী অহাৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে ।

কিছুদিন পূৰ্বে জোনাইৰ তৰাজান পথাৰত বান্ধি থোৱা অৱস্থাত একেটা পৰিয়ালৰ পাঁচটাকৈ গৰু হেৰায় । এই ঘটনাটোৰ পিচতে পৰিয়ালৰ লোকে জোনাইৰ বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে ৷ কিন্তু হেৰুৱা গৰুৰহে কোনো উমান নাপালে গৰাকীয়ে ৷

দেওবাৰে দশা বেয়া আছিল অভিযুক্ত গৰু চোৰৰ ৷ জোনাইৰ চিমেন চাপৰিৰ সাপ্তাহিক বজাৰত চুৰি কৰা গৰু গো-ব্যৱসায়ীয়ে বিক্ৰী কৰি থকাৰ সময়তে গৰাকীয়ে চিনি পায় নিজৰ হেৰুৱা গৰুকেইটা ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীক খবৰ দিয়া হয় ৷

আৰক্ষীয়ে দুই গো-ব্যৱসায়ীক সোধপোচ কৰাত জোনাইৰ বিনোদ দলে আৰু বিকিৰ পৰা ক্ৰয় কৰা বুলি কয় । ইফালে গো-ব্যৱসায়ী দুটাৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জোনাইৰ গিনে মহমৰা গাঁৱৰ নিবাসী বিনোদ দলে নামৰ চোৰটোক খেদি খেদি আটক কৰে । ধৃত দুই গো-ব্যৱসায়ী আৰু এটা অভিযুক্ত চোৰক সোধপোচ অব্যাহত ৰাখিছে জোনাই আৰক্ষীয়ে । 

লগতে পঢ়ক:কলিয়াবৰত গৰুসহ গ্ৰেপ্তাৰ চাৰি চোৰ

জখলাবন্ধা আৰক্ষীৰ জালত চাৰি গৰুচোৰ

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.