thumbnail

বিধায়ক আৱাসৰ গাতে লাগি থকা নামঘৰত চোৰৰ চাফাই - Theft incident

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 8:01 PM IST

গুৱাহাটী,৬ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ কিছু অঞ্চলো কৃত্ৰিম বানত বুৰ গৈছে । তাৰ মাজতে মহানগীৰৰ কেইবাটাও অঞ্চলত প্ৰতিদিনে চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে নিশাও দিছপুৰৰ লাষ্টগেটত থকা শংকৰদেৱ নামঘৰত চোৰৰ অভিযান চলিল । নামঘৰৰ গ্ৰিল ভাঙি চোৰে ভিতৰত প্ৰৱেশ কৰে । তাৰ পিচত নামঘৰৰ দানপাত্ৰ ভাঙি কেইবাহাজাৰ টকা লৈ উধাও হয় চোৰ ।

অৱশ্যে চোৰে প্ৰৱেশ কৰাৰ উমান পাই নামঘৰীয়া ওলাই আহি চোৰটোক খেদি যায় । কিন্তু কিছু দূৰ খেদি যোৱাৰ পিচত চোৰটোৱে পলায়ন কৰিবলৈ সক্ষম হয় । ইফালে চোৰ কৰিবলৈ আহি চোৰে নামঘৰতে এৰি থৈ গ'ল চেণ্ডেল, লোৰ সঁজুলি, কাপোৰ আৰু ছাতি । নিশা প্ৰায় ১.৩০ মান বজাত এই চুৰিকাণ্ড সংঘটিত হয় । নামঘৰত থকা চিচি টিভি কেমেৰাত সকলো দৃশ্য বন্দী হৈছে ।

সম্প্ৰতি নামঘৰ সমিতিয়ে দিছপুৰ থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । কিন্তু লক্ষণীয় কথাটো হ'ল যে দিছপুৰৰ বিধায়ক আৱাসৰ গাতে লাগি আছে এই নামঘৰটো । নামঘৰটোৰ পৰা প্ৰায় ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে দিছপুৰ থানা আছে । তাৰ পিচতো যদি এই নামঘৰত চোৰে প্ৰৱেশ কৰিবলৈ সক্ষম হয় তেনেহ'লে মহানগৰবাসীক সুৰক্ষা দিয়াত কিমান সফল আৰক্ষী ?

লগতে পঢ়ক :শিক্ষাসেতু এপত এদিনো উপস্থিতি নথকা ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ সম্ভাৱনা - SIKHA SETU AXOM

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.