কলিয়াবৰৰ বাঘজানত পথ দুৰ্ঘটনাত নিহত ম'হ - Road accident

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 2:34 PM IST

thumbnail
কলিয়াবৰৰ বাঘজানত পথ দুৰ্ঘটনাত নিহত ম'হ (ETV Bharat Assam)

কলিয়াবৰ, ১ আগষ্ট : কলিয়াবৰৰ বাঘজানত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হয় এজনী ম'হ । পথ অতিক্ৰম কৰাৰ সময়তে প্ৰকাণ্ড ম'হজনীক খুন্দিয়ায় এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে । ফলত ম'হজনীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হয় বাহনখনৰ চালকসহ দুই আৰোহী ।

প্ৰথমাৱস্থাত ম’হজনী বনৰীয়া বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বন বিভাগে পোহনীয়া ম'হ বুলিহে জানিবলৈ দিয়ে । ঘটনাস্থলীত শালনা বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰৰ নেতৃত্বত জখলাবন্ধাৰ বন বিভাগ আৰু মহকুমা আৰক্ষী বিষয়া ৰূপজ‍্যোতি দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

জানিব পৰা মতে, চ-গুৰি চাপৰিত থকা ম'হৰ খুঁটিৰ পৰা পোহনীয়া ম'হৰ এটা জাক খাদ‍্যৰ সন্ধানত বাঘজানৰ সমীপতে থকা কিলিং গাঁৱত প্ৰবেশ কৰি পুনৰ নিশা খুঁটিলৈ উভতি যোৱাৰ সময়তে ঘটনাটো সংঘটিত হয় । চাৰিচকীয়া বাহনখন ইমানেই তীব্ৰগতিত আছিল যে ম'হজনীক খুন্দিয়াই প্ৰায় ১৫ মিটাৰ চোঁচৰাই লৈ যায় । লগতে বাহনখনৰ সমুখভাগ ভাঙি চূড়মাৰ হৈ যায় । ম'হজনী জখলাবন্ধা খণ্ড বন বিষয়াৰ জৰিয়তে পুৱা মৰণোত্তৰ পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :পবিতৰাৰ হাতীৰ গচকত মৃত্যু মাউতৰ: বন বিভাগৰ ৪ লাখ টকাৰ এককালীন সাহায্য - Pobitora Wildlife Sanctuary
লগতে পঢ়ক :প্ৰচণ্ড ধুমুহাৰ কবলত জোনাই - Storm hits Jonai

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.