এদল উদণ্ড যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে চফল যুৱকক - SENSATIONAL MURDER AT DIBRUGARH

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 5:03 PM IST

thumbnail
ডিব্ৰুগড়ত যুৱকক হত্যা (ETV Bharat Assam)

মৰাণ, 11 জুলাই: ডিব্ৰুগড়ত বৃহস্পতিবাৰে মানৱতাৰ অৱক্ষয় হোৱাৰ চূড়ান্ত প্ৰমাণ পোৱা গ’ল ৷ যাৰ ফলত সংঘটিত হ’ল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ এদল উদণ্ড যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক ৷ জিলাখনৰ আলুবাৰীত সংঘটিত এই হত্যাকাণ্ডৰ বলি হয় 24 বছৰীয়া টম্লু সোণাৰ নামৰ এজন যুৱক ৷

হত্যাৰ বলি হোৱা যুৱকজনৰ পত্নীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, একেটা লাইনতে বাস কৰা দীপজ্যোতি ৰাজবংশী নামৰ যুৱকজনে এঘাৰ‌-বাৰজনীয়া এটা যুৱকৰ দলৰ সৈতে আহি 24 বছৰীয়া টম্লুক বাসগৃহতে দলবদ্ধ প্ৰহাৰ কৰে ৷ এই প্ৰহাৰৰ ফলত শাৰিৰীকভাৱে অসুস্থ হৈ পৰে যুৱকজন ৷ পৰৱৰ্তী সময়ত চিকিৎসাৰ খাতিৰত তেওঁক লৈ যোৱা হয় স্থানীয় চিকিৎসালয়লৈ ৷ পিছে চিকিৎসকে যুৱকজনৰ অৱস্থা সংকটজনক বুলি পৰিয়ালৰ আগত ব্যক্ত কৰে ৷ চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে 24 বছৰীয়া যুৱকজনে ৷

টম্লু সোণাৰৰ পৰিয়ালবৰ্গই ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰবাৰী আৰক্ষীক দাখিল কৰিছে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ মূল অভিযুক্ত দীপজ্যোতি ৰাজবংশীক আটক কৰি থানালৈ নি জেৰা অব্যাহত ৰাখিছে ৷ টম্লু আৰু দীপজ্যোতিৰ মাজত পুৰণি কোনো শত্ৰুতাৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে মৃত যুৱকজনৰ পৰিয়ালে ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ডিব্ৰুগড় জিলাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক: লাহোৱালত মানৱ সমাজক লজ্জানত কৰা ঘটনা - CRIME IN DIBRUGARH

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.