ধেমাজি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকসহ তিনি শতাধিকৰ বিজেপিত যোগদান - MLA Bhuban Pegu
🎬 Watch Now: Feature Video
Published : Feb 21, 2024, 1:36 PM IST
জোনাই, ২১ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিজেপিৰ লগতে বিভিন্ন ৰাজনৈতিৰ দল । এইক্ষেত্ৰত শাসকীয় বিজেপিয়ে সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ লগতে যোগদান কাৰ্যসূচী আৰম্ভ কৰিছে । ইয়াৰে অংশৰূপে মঙলবাৰে জোনাইত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী । লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ ধেমাজি জিলা কংগ্ৰেছ দলত মোক্ষম আঘাত । প্ৰাক্তন অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক তথা ধেমাজি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কলিং দলেৰ নেতৃত্বত তিনি শতাধিক লোকে মঙলবাৰে বিয়লি যোগদান কৰে ভাৰতীয় জনতা পার্টিত।জোনাইৰ মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত মঙলবাৰে বিয়লি চাৰি বজাত ভাৰতীয় জনতা পার্টিৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । ভাৰতীয় জনতা পার্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰা বুলি কয় প্ৰাক্তন অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক তথা ধেমাজি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কলিং দলেয়ে । কংগ্ৰেছ বৰ্তমান দল হৈ থকা নাই, এতিয়া ৰাহুল গান্ধীৰ এটা কোম্পানীহে বুলি মন্তব্য প্ৰাক্তন কংগ্ৰেছ নেতাজনে । এই যোগদান কাৰ্যসূচীত অংশগ্রহণ কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূৱন পেগু, ভাৰতীয় জনতা পার্টি ধেমাজি জিলাৰ সভানেত্রী ৰূপা কামান, উপ সভাপতি পাৰ্থ ছেত্ৰী, পূব জোনাই মণ্ডলৰ সভাপতি আদিত্য বৰুৱা, পশ্চিম জোনাইৰ সভাপতি আদি ।লগতে পঢ়ক:কংগ্ৰেছ ত্যাগ কৰিলে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে