ETV Bharat / state

দীপাৱলীত গুৱাহাটীতকৈও বিপজ্জকভাৱে বায়ু প্ৰদূষণ বৃদ্ধি ৰাজ্যৰ এই দুখন জিলাত - ASSAM AQI

দীপাৱলীৰ পাচত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰিছে বায়ু প্ৰদাূষণৰ তথ্য ৷ গুৱাহাটীতকৈও ৰাজ্যৰ আন দুখন জিলাত বিপজ্জনক হৈ পৰিছে প্ৰদূষণৰ মাত্ৰা ৷

Air quality deteriorated in Assam After Diwali
বায়ু প্ৰদূষণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 10:47 PM IST

গুৱাহাটী: অতি ধুমধাম তথা জাকজমকতাৰে ৰাইজে উদযাপন কৰিলে পোহৰৰ উৎসৱ দীপান্বিতা ৷ প্ৰশাসনে বান্ধি দিয়া নিয়ম উলংঘা কৰি বহু স্থানত ওৰে নিশা একাংশই ফুটালে ফটাকা ৷ কাণ তালমৰা শব্দ আৰু ধোঁৱাই আকাশ-বতাহ আৱৰি ধৰিলে ৷ ইয়াৰ পাছতেই প্ৰকাশ পাইছে অসমত বায়ুৰ গুণমানৰ সূচকাংক ৷ যিয়ে চিন্তিত কৰিছে বহুতকে ৷

দীপাৱলীত জ্বলোৱা আতচবাজীৰ বাবে অসমৰ বায়ুৰ গুণমান নিম্নগামী হৈছে ৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰিছে এই তথ্য ৷ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰকাশ কৰা তথ্য অনুসৰি দীপাৱলী দিনা 80 ৰ পৰা 100 পাইছেগৈ অসমত বায়ুৰ AQI ৷ শব্দ প্ৰদূষণৰ মাত্ৰা 104 ডেচিবেল পৰ্যন্ত বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷

প্ৰশাসনে দীপাৱলীৰ দুদিনত ফটকা ফুটুৱাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিছিল আৰু উচ্চ প্ৰাবল্যৰ ফটকা ফুটুৱাৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাইছিল ৷ কিন্তু প্ৰশাসনৰ আহ্বানক আওকাণ কৰি একাংশই আকাশ ভেদি যোৱা বিকট শব্দৰ ফটকা ফুটাই ওৰে নিশা দীপাৱলী উদযাপন কৰা দেখা গ’ল ৷ যিয়ে পাৰিপাৰ্শ্বিক পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাইছে ৷

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি বায়ু প্ৰদূষণে গুৱাহাটীতকৈ নগাঁও আৰু নলবাৰীত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দীপাৱলীৰ দুটা দিনত নগাঁৱত বায়ুৰ গুণমান সূচকাংক আছিল ২২০ । একেদৰে নলবাৰীত এই পৰিমাণ ১৬৬ । তাৎপর্যপূর্ণভাৱে গুৱাহাটীত এই সূচকাংক ১৫৪ । সেয়ে গুৱাহাটীতকৈ নগাঁও আৰু নলবাৰীৰ অৱস্থাহে চিন্তনীয় বুলি প্ৰকাশ কৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ।

কিয়নো গুণমান সূচকাংক ২২০ ৰ অৰ্থ হৈছে বায়ুৰ গুণাগুণ অতি শোচনীয় । ফলত হাপানী ৰোগকে ধৰি ভিন্ন স্বাস্থ্যজনিত ৰোগত ভুগিব পাৰে লোকসকলে । অৱশ্যে শিৱসাগৰ, শিলচৰ আদি চহৰত বায়ুৰ গুণমান সূচকাংক সন্তোষজনক বুলি প্ৰকাশ কৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । একেদৰে গুৱাহাটীৰ গণেশগুৰি, উলুবাৰী আদি স্থানত ফটকাৰ শব্দৰ প্ৰাবল্য ১০৪ ডেচিবেললৈ পোৱা গৈছে বুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জানিবলৈ দিয়ে । অৱশ্যে সাধাৰণ অৱস্থাত শব্দৰ প্ৰাবল্য ৭২-৭৪ ডেচিবেল হোৱালৈ লক্ষ্য ৰাখি, এয়া চিন্তনীয় নহয় বুলি পৰিষদে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: নিষেধাজ্ঞা ভংগ কৰি ওৰেনিশা ফুটিল ফটকা-আতচবাজী: গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.