গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত মাজুলী আছুৰ গণ বিক্ষোভ - EROSION IN MAJULI
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-11-2024/640-480-22816533-thumbnail-16x9-majuli-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 3, 2024, 11:44 AM IST
মাজুলী : চৰকাৰে যিমানেই খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ নকৰক কিয় আজিৰ তাৰিখতো মাজুলীৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অব্যাহত আছে । সেয়ে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত শালমৰা আৰু ভকত চাপৰি অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত শনিবাৰে মাজুলী জিলা ছাত্ৰ সন্থাই শালমৰাবাসী ৰাইজক লগত লৈ গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । মাজুলীৰ শালমৰা ১নং শৈল স্পাত মাজুলী সুৰক্ষাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদ সাব্যস্ত কৰি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ এজন নেতাই কয়, "বছৰ বছৰ ধৰি খহনীয়া প্ৰতিৰোধৰ কাম কৰি আহিছে যদিও আজিৰ তাৰিখত খহনীয়া প্ৰতিৰোধত ব্যৰ্থ হৈছে ব্ৰহ্মপুত্ৰ ব'ৰ্ড । মাজুলীৰ শালমৰাৰ ১নং শৈল স্পাৰ উজনি আৰু নামনি অংশত বৰ্তমান খহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শালমৰাবাসীৰ ।"
ইফালে আজি বিশ বছৰে মাজুলীৰ ভৌগোলিক সুৰক্ষাত ব্যৰ্থ হোৱা ব্ৰহ্মপুত্ৰ ব'ৰ্ডক মাজুলীৰ পৰা বিদায় দি নিৰ্ভয়যোগ্য প্ৰতিষ্ঠানক মাজুলীৰ ভৌগোলিক সূৰক্ষাৰ দায়িত্ব দিবৰ বাবে আহ্বান জনায় মাজুলী জিলা ছাত্ৰ সন্থাই ।