ETV Bharat / state

দিছপুৰৰ পৰা কোকৰাঝাৰলৈ... পুৱাই চাৰ্টাৰ্ড বাছেৰে ৰাওনা অধ্যক্ষ-মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়ক - ASSAM ASSEMBLY SESSION 2025

গুৱাহাটীৰ বাহিৰত প্ৰথমবাৰলৈ অসম বিধানসভাৰ অধিৱেশন । ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব কাৰ্যক্ৰমণিকা ।

Assam Assembly session
চাৰ্টাৰ্ড বাছেৰে কোকৰাঝাৰলৈ ৰাওনা মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-বিধায়ক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2025, 8:55 AM IST

গুৱাহাটী : কোকৰাঝাৰত কটকটীয়া নিৰাপত্তা বেষ্টনী । হঠাৎ ৰূপ সলনি হৈছে কোকৰাঝাৰৰ । কিয়নো ১৭ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা কোকৰাঝাৰৰ বি টি চি সচিবালয়ত আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন । প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন ।

ইফালে বাজেট অধিৱেশনৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্রী-বিধায়কসকলে সোমবাৰে পুৱাই দিছপুৰৰ পৰা পাঁচখন চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হৈছে । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও আৰামদায়ক, বিলাসী, চার্টার্ড বাছৰ যাত্ৰী হৈছে । দিছপুৰৰ পৰা বাছকেইখনে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে কোকৰাঝাৰ অভিমুখে । যাত্ৰাপথত বজালীত তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰি বি টি চি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই অধিৱেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত ১২৬ খন আসন সাজু কৰা হৈছে ।

Assam Assembly Session
দিছপুৰৰ পৰা কোকৰাঝাৰলৈ... সোমবাৰে পুৱা (@FB Pijush Hazarika)

পূৰ্বৰ দৰে পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব । অৱশ্যে অধিৱেশনৰ পৰৱৰ্তী দিনকেইটাৰ কাৰ্যক্ৰমণিকা দিছপুৰ বিধানসভা সচিবালয়তে আগৰ সময় অনুসৰি অনুষ্ঠিত হ'ব ।

Assam Assembly Session
দিছপুৰৰ পৰা কোকৰাঝাৰলৈ... সোমবাৰে পুৱা (@FB Atul Bora)

লক্ষণীয় বিষয় যে প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । এই অধিৱেশন উপলক্ষে প্ৰশাসনে সমগ্ৰ কোকৰাঝাৰ নগৰক নতুনকৈ সজাই-পৰাই তুলিছে । অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লৈ সকলো দিশ তদাৰক কৰিছে বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰে আৰম্ভ হ'ব । এই অধিৱেশনলৈ ৰাজ্যপাল আচাৰ্যই বন্দে ভাৰত ৰে'লেৰে যাত্ৰা কৰাৰ কথা জানিব পৰা গৈছে । অধিৱেশনৰ পিছদিনা ৰাজ্যপালে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনত অংশ ল'ব । ৰাজ্যপালে চৰাইখোলাস্থিত অতিথিশালাত দুটা নিশা কটাব ।

জানিব পৰা মতে বি টি চিৰ কাৰ্যবাহী সদস্য তথা সদস্যসকলে গেলাৰীৰ বাওঁফালৰ আসনত বহি অধিৱেশনৰ কাৰ্যক্ৰমণিকা চাব পাৰিব । আনহাতে সাংবাদিকসকলৰ বাবে গেলাৰীৰ সোঁফালে আসনৰ ব্যৱস্থা কৰা হৈছে । অধিৱেশনৰ কাৰ্যসূচী উপভোগ কৰিবলৈ বিভিন্ন দল-সংগঠনৰ নেতৃত্বকো আমন্ত্ৰণ জনোৱা হৈছে । তেওঁলোকে অস্থায়ীভাৱে নিৰ্মাণ কৰা সভাস্থলীত ডাঙৰ পৰ্দাত অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব ।

পৰিষদীয় ভৱনৰ পাৰ্কিঙৰ স্থানত অস্থায়ী ৰভাৰ ব্যৱস্থা কৰি সেই সুবিধা কৰা হৈছে । আনহাতে বি টি চি সচিবালয়ৰ প্ৰাংগণত নিৰ্মাণ কৰা অস্থায়ী মণ্ডপত মন্ত্ৰী-বিধায়কসকলৰ বাবে ভোজনৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :কি কি সিদ্ধান্ত ল'লে ৰাজ্যিক কেবিনেটে ? - ASSAM CABINET MEETING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.