গুৱাহাটী: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
কেবিনেটৰ সিদ্ধান্তসমূহ :
- কেবিনেটৰ সিদ্ধান্ত অনুসৰি তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সদস্য সংখ্যা ৩৬ ৰ পৰা ৪২ লৈ বৃদ্ধি কৰা হয় ।
- মিছিং, ৰাভা হাচং, ঠেঙাল, সোণোৱাল, দেউৰী আৰু বড়ো-কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ নিৰ্বাচন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিবলৈ আৰু ৰাভা হাচঙৰ নিৰ্বাচন এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । নতুন পৰিষদ গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ পৰিষদ কেইখনে কাৰ্যসূচী চলাই থাকিব ।
- চৰকাৰী চাকৰিত কাম কৰি থকা আয়ুৰ্বেদিক স্নাতকোত্তৰ ডাক্তৰসকলক তিনিটা ইনক্ৰিমেণ্ট দৰমহাৰ লগত দিয়াৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
- নতুনকৈ গঠন হোৱা তিনিটা বিভাগৰ বাজেট হেড বনাবৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
- বড়োলেণ্ডত ব্যক্তিগত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় স্থাপনৰ কেবিনেটে অনুমোদন জনায় ।
- অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰৰ ছিখলা জলাও ৰাষ্ট্ৰীয় উদ্যানক অনুমোদন জনোৱা হয় । এই ৰাষ্ট্ৰীয় উদ্যানখন ৰাইমনা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজত হ'ব ।
- বিনিয়োগ সন্মিলনৰ লগত সংগতি ৰাখি অসমত সেউজ শক্তি উৎপাদনৰ বাবে আছাম ইণ্টিগ্ৰেটেড ক্লিন এনাৰ্জী পলিচী-২০২৫ অনুমোদন জনোৱা হয় ।
- এ ডি বিৰ আৰ্থিক সাহাৰ্যৰে ২৫০ মেগাৱাটৰ এখন সৌৰশক্তি পাৰ্ক কাৰ্বি আংলঙত নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনায় ।
- সোণাপুৰ আৰু ডিমৰীয়াত দুখনকৈ ঔদ্যোগিক পাৰ্ক নিৰ্মাণৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
- কেবিনেটে ৰহা আৰু জাগীৰোডৰ মাজত ৫৭০ বিঘা ভূমি এখন মেগা ঔদ্যোগিক পাৰ্ক নিৰ্মাণৰ বাবে অনুমোদন জনায় । এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্তসমূহে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।
- বজালী, গোৱালপাৰা, বঙাইগাঁও আৰু ধুবুৰীত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে ভূমিৰ আৱণ্টন আৰু ভূমিৰ প্ৰিমিয়ামত শিথিলকৰণৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
লগতে পঢ়ক :কাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ডিজিপিক নিৰ্দেশ দিলে কেবিনেটে - ELIZABETH COLEBOURN CONTROVERSY