সন্ধান বিচাৰি প্ৰতিবাদত বহিল ৰাইজ
Published : 3 hours ago
তিনিচুকীয়া: ১৭ অক্টোবৰৰ নিশাৰ পৰাই সন্ধানহীন হৈ আছে তিনিচুকীয়া জিলাৰ কাকপথাৰ হাঁহখাতি গন্ধৈগুৰি গাঁৱৰ নিবাসী গোলাপ দুৱৰা । পৰিয়ালে সদৰী কৰা অনুসৰি গোলাপ দুৱৰাই ৰে'লেৰে গৈ থাকোতে বেংগালুৰুত নিৰুদ্দেশ হৈ পৰে । তেওঁ বেংগালুৰু এক্সপ্ৰেছত চাফাই কৰ্মী হিচাপে কৰ্মৰত আছিল আৰু ১৭ অক্টোবৰত নিজৰ কৰ্তব্য সামৰি নিশা প্ৰায় ৯.৩০ বজাত ৰামপুৰ জংচনত আহাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁ নিৰুদ্দেশ হৈ পৰে ।
ইতিমধ্যে কাকপথাৰ আৰক্ষীৰ লগতে ৰে'লৱে আৰক্ষীক পৰিয়ালে লিখিত অভিযোগ দাখিল কৰিছে যদিও আৰক্ষী বা ৰে'ল বিভাগৰ পৰা আজি পৰ্যন্ত কোনো সহযোগিতা পোৱা নাই । সেয়ে শনিবাৰে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ ডিৰাকগেটৰ সমীপৰ নৱজ্যোতি গাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদমুখৰ হৈ পৰে কাকপথাৰ অঞ্চলৰ সমূহ জাতীয়-জনগোষ্ঠীয় দল-সংগঠন তথা ৰাইজ । ফলত আৱদ্ধ হৈ পৰে শ শ যান-বাহন ।