ETV Bharat / state

বৰ্ণাঢ্য জনগোষ্ঠীয় কৃষ্টিৰ সোণসেৰীয়া সুৰধ্বনিৰে মুখৰিত বোকাখাত - SRIMANTA SANKARDEVA SANGHA

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বোকাখাত জিলা শাখাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন ।

Srimanta Sankardeva Sangha
বোকাখাতত ভাগৱত যাত্ৰাত জনগোষ্ঠীয় লোককৃষ্টি প্ৰদৰ্শন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 9:32 AM IST

কাজিৰঙা : বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ আৰু কীৰ্তনৰ প্ৰতি আগ্ৰহী ভকত-বৈষ্ণৱৰ উপস্থিতিয়ে বৈকুণ্ঠধামত পৰিণত কৰিলে বোকাখাতৰ মাধৱ মিলন প্রাথমিক শাখাৰ নামঘৰ প্ৰাংগণ । উত্তৰ মহুৰা আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আৰু দিচৈৰ গুটুং মাধৱ মিলন প্রাথমিক শাখাৰ আতিথ্যত শাখাটোৰ নামঘৰ প্ৰাংগণত ১৮ জানুৱাৰীৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বোকাখাত জিলা শাখাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশন ।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বোকাখাত জিলা শাখাৰ অধিৱেশন

বোকাখাতত ভাগৱত যাত্ৰাত জনগোষ্ঠীয় লোককৃষ্টি প্ৰদৰ্শন (ETV Bharat Assam)

দেওবাৰে পুৱা জিলা শাখাৰ নৱ-নিৰ্বাচিত সভাপতি সোণেশ্বৰ আহোমে ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতে ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । জিলা শাখাৰ নতুন সভাপতি সোণেশ্বৰ আহোমে ভাগৱত শিৰত লৈ প্ৰতীকী ময়ূৰপংখী বাহনত প্ৰতিষ্ঠা কৰাৰ পাছত শোভাযাত্ৰা আৰম্ভ হয় । সহস্ৰাধিক ভকত-বৈষ্ণৱ, শিশু, আই-মাতৃ, যুৱক-যুৱতীয়ে অংশ লোৱা এই শোভাযাত্রাৰ অন্যতম আকৰ্ষণ আছিল জনগোষ্ঠীয় লোককৃষ্টিৰ প্ৰদৰ্শন । এফালে ভকত-বৈষ্ণৱৰ নাম-কীৰ্তনৰ অমিয়া ধ্বনি আৰু আনফালে বৰ্ণাঢ্য জনগোষ্ঠীয় কৃষ্টিৰ সোণসেৰীয়া সুৰধ্বনিয়ে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চলটো ।

উল্লেখ্য যে পুৱা ধৰ্মধ্বজা উত্তোলন কৰি সংঘৰ বোকাখাত জিলা শাখাৰ নৱ-নিৰ্বাচিত সভাপতি সোণেশ্বৰ আহোমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহৎ আদৰ্শ, অমৃতবাণীৰে অনুপ্ৰাণিত হৈ সমাজৰ পৰা উশৃংখলতা নাইকিয়া কৰি মানৱীয় প্ৰমূল্য বৰ্তাই ৰাখিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয়, "গুৰুজনাৰ ধৰ্মীয়, আদৰ্শ বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আমি চেষ্টা কৰিছো ।" যুৱ উশৃংখলতা সন্দৰ্ভত তেওঁ দাবী কৰে, "শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সেৱা বাহিনীত ইতিমধ্যে যিসকল যুৱক-যুৱতী নিয়োজিত হৈছে আমি ক'ব পাৰো ১০০ শতাংশই তেওঁলোকে উশৃংখল জীৱন যাপন কৰিব নোৱাৰে ।"

লগতে পঢ়ক :মিচিং সমাজৰ পৰম্পৰাগত আপং কেনেকৈ প্ৰস্তুত কৰা হয় ! জানেনে - MISING APONG

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.