ETV Bharat / state

ঘৰত বহিয়েই কিদৰে ই-খাজানাৰ বাবে আবেদন কৰিব পাৰি, জানো আহক... - E KHAJANA

মাটিৰ খাজানা আদায়ৰ বাবে চৰকাৰে অনলাইন ব্যৱস্থা কৰাৰ পাছতেই যেন বিপাঙত পৰিছে ৰাজ্যৰ একাংশ লোক। কিন্তু আপুনি জানেনে ঘৰত বহিয়েই যে খাজানা আদায় কৰিব পাৰি?

e Khajana
ই-খাজানাৰ বাবে আবেদন (ANI)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 9:43 AM IST

নগাঁও : আপুনি বাৰু কেতিয়াবা মাটিৰ খাজানা দি পাইছেনে ? মাটিৰ খাজানা দিবৰ বাবে যে পূৰ্বে মৌজাদাৰৰ ঘৰত শাৰী পাতিবলগীয়া হৈছিল, সেই কথা বাৰু আপোনাৰ মনত আছেনে ? কিন্তু সেয়া বৰ্তমান পুৰণি হ’ল ৷

পূৰ্বতে মৌজাদাৰ কাৰ্যালয়ত খাজানা আদায় দি সহজতেই লাভ কৰিব পাৰিছিল খাজানাৰ ৰচি, নহয় জানো ! কিন্তু মাটিৰ খাজানা আদায়ৰ বাবে অসমত ৰাজ্য চৰকাৰে অনলাইন ব্যৱস্থা কৰাৰ পাছতেই বহুতৰ বাবে ই হৈ পৰিছে এক সমস্যা । কাৰণ অনলাইন পদ্ধতিৰ সৈতে জড়িত নথকা একাংশ লোকৰ বাবে ই-খাজানা যেন হৈ পৰিছে এক জটিল প্ৰক্ৰিয়া ।

আনকি বহুতেই হয়তো নাজানে ঘৰত বহিয়েই যে অনলাইনৰ জৰিয়তে খাজানা আদায় দি লাভ কৰিব পাৰে ই-খাজানা । ই-খাজানা প্ৰৱৰ্তন কৰাৰ পাছত এই প্ৰক্ৰিয়াটোক লৈ ই টি ভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ কৃষকে ।

  • ই-খাজানাক লৈ কি কয় কৃষকে ?

চৰকাৰে ই-খাজানা প্ৰৱৰ্তন কৰাৰ সমান্তৰালকৈ পূৰ্বৰ দৰে মৌজাদাৰৰ কাৰ্যালয়ত খাজানা আদায় দিয়াৰ প্ৰক্ৰিয়াটোও বাহাল ৰাখিছে । এই সন্দৰ্ভত চামগুৰিৰ ইব্ৰাহিম আলী নামৰ এগৰাকী কৃষকে কয়, “চৰকাৰে যদিও অফলাইন অথবা মৌজাদাৰ কাৰ্যালয়ত খাজানা আদায়ৰ জৰিয়তে খাজানা ৰচিদ সংগ্ৰহৰ ব্যৱস্থা কৰিছে যদিও মাটি বিক্ৰীৰ অনুমতি অথবা অন্যান্য ক্ষেত্ৰতো অফলাইন খাজানা অগ্ৰাহ্য কৰি ই-খাজানা বিচাৰে । এইক্ষেত্ৰত আমি অনলাইনৰ জৰিয়তে খাজনা আদায় দিয়া অথবা ই-খাজানা সংগ্ৰহ কৰাটো কিছু জটিল হৈ পৰিছে । আনকি ভিতৰুৱা গ্ৰামাঞ্চলত অনলাইন কম্পিউটাৰ চেণ্টাৰ নথকা এলেকাৰ কৃষকো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।”

ই-খাজানাৰ বাবে কেনেদৰে আবেদন কৰিব লাগে ? (ETV Bharat Assam)
  • ঘৰত বহিয়েই কিদৰে কৰিব আবেদন ?

মাটিৰ খাজানা আদায়ৰ বাবে এতিয়া মৌজাদাৰৰ কাৰ্যালয়ত ভিৰ কৰাৰ বিপৰীতে ঘৰত বহি নিজৰ কম্পিউটাৰ অথবা মোবাইলতো কৰিব পাৰে ই-খাজানাৰ বাবে আবেদন । এই সন্দৰ্ভত নগাঁও চহৰৰ এটা চি এছ চিৰ স্বত্বাধিকাৰী ৰিংকু বৰুৱাই ইটিভি ভাৰতৰ আগত কয়, “আপুনি নিজৰ ঘৰত বহিয়েই খাজানাৰ আবেদন অথবা খাজানা আদায় দিব পাৰে । ইয়াৰ বাবে প্ৰথমে গুগলৰ সহায়ত Sewa Setu নামৰ চৰকাৰী ৱেব চাইটত গৈ আপুনি নাগৰিকত্ব (citizen) বাছনি কৰিব লাগিব । তাৰ পাছতেই আপুনি-ই খাজানা বাছনি কৰি প্ৰথমে মোৱাইল নম্বৰ অথবা আধাৰ নহ’লে পান কাৰ্ডৰ জৰিয়তে অনলাইনত কৰিব লাগিব পঞ্জীয়ন । তাৰ পাছতে আপোনাৰ সম্পূৰ্ণ বিৱৰণ পৰিপূৰ্ণ কৰাৰ লগতে উক্ত চাইটতেই উল্লেখ কৰিব লাগিব খাজানা আদায় কৰিবলগীয়া ভূমিৰ বিৱৰণ । লগতে একেটা ছাইটতে আপলোড কৰিব লাগিব পুৰণি খাজানা ৰচিদৰ প্ৰতিলিপি । এনেদৰে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত অপেক্ষা কৰিব লাগিব মৌজাদাৰ কাৰ্যালয়ৰ লগতে স্থানীয় লাট মণ্ডলৰ এপ্ৰ'ভেলৰ বাবে । মৌজাদাৰ কাৰ্যালয় আৰু লাট মণ্ডলৰ এপ্ৰ'ভেল হোৱাৰ পাছত উল্লেখিত মাচুল আদায় কৰাৰ পাছতেই অনলাইনৰ পৰাই ডাউনলোড কৰিব পৰা য়ায ই-খাজানা ।"

অৱশ্যে এইক্ষেত্ৰত নগাঁৱৰ শেনচোৱাৰ ধ্ৰুৱ শইকীয়া নামৰ আন এগৰাকী কৃষকে জনোৱা মতে, “ই-খাজানা ব্যৱস্থাই বিশেষকৈ নিৰক্ষৰ লোকৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে । ই-খাজানাৰ বাবে আবেদন কৰাৰ পাছত মৌজাদাৰ তথা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এপ্ৰ'ভেলৰ বাবে কেতিয়াবা এসপ্তাহতকৈ অধিক সময় অপেক্ষা কৰিবলগীয়া হয় । যাৰ ফলত কম সময়তে খাজানা আদায় কৰি ৰচিদ সংগ্ৰহ কৰাটো সম্ভৱপৰ নহয় ।”

লগতে পঢ়ক : ১৫ হাজাৰ পৰ্যন্ত দৰমহা পোৱা ই পি এফ অ’ কৰ্মচাৰীয়ে লাভ কৰিব ডাঙৰ সুবিধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.