মাজত মাথোঁ বাকী এটা দিন ৷ কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে বাগদেৱীক আৰাধনা কৰিবলৈ সাজু হৈছে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল ।
মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰা হয় ৷ যাৰ বাবে এই পূজাক বসন্ত পঞ্চমী বুলিও কোৱা হয় । এইবর্ষ সৰস্বতী পূজাৰ তিথি আৰম্ভ হ'ব ২ ফেব্ৰুৱাৰীৰ ৯.১৫ মিনিটৰ পৰা আৰম্ভ হৈ ৩ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজালৈ থাকিব ।
- দেৱী সৰস্বতীৰ পূজা ঘৰুৱাভাৱে কেনেদৰে কৰিব পাৰিব ?
‘‘যিসকলৰ ঘৰত মন্দিৰ আছে বা সৰুকৈ হ'লেও থাপনা, য’ত দেৱী সৰস্বতীৰ মূৰ্তি বা ফটো আছে তেওঁলোকে তাতেই পূজা কৰিব পৰিব । কিন্তু যিসকলৰ এই ব্যৱস্থা নাই তেওঁলোকে নিজৰ সন্তানৰ পঢ়া টেবুলখন পূজাৰ বাবে প্ৰস্তুত কৰিব পাৰে । ইয়াৰ বাবে পূজাৰ আগদিনাই পঢ়া টেবুলখন সুন্দৰকৈ চাফা কৰি কিতাপ-বহীসমূহ পৰিপাটিকৈ থ’ব । তাৰ পাছত পূজাৰ দিনা গা-পা ধুই আহি পঢ়া-টেবুলখনৰ ওপৰত এখন হালধীয়া বস্ত্ৰ পাৰিব যদিহে হালধীয়া বস্ত্ৰ নাথাকে তেন্তে তাত এখন হালধীয়া চাৰ্ট পেপাৰ হ’লেও পাৰি ল'ব পাৰে । তাত দেৱী সৰস্বতীৰ মূৰ্তি বা ফটো ৰাখি এডাল হালধীয়া ফুলৰ মালা দিব বা হাতত পিন্ধা মৌলিও মালা হিচাপে দিব পাৰে ।’’ জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই কয় ৷
‘‘লগতে ঘিউৰ চাকি এগছি জ্বলাব । ফটোখনৰ ওচৰত আপোনাৰ বাওঁহাতে তামৰ ঘটি এটাত কেইপাহমান ফুল দি অকমান পানী দি মা সৰস্বতীৰ বাবে অৰ্পণ কৰিব । লগতে সোঁ হাতৰ দিশত পঢ়া- সামগ্ৰী বা যি বিষয়ত টান পাইছে সেই বিষয়ৰ কিতাপ ৰাখি তাত পূজা কৰিব । মা সৰস্বতীৰ প্ৰসাদ হিচাপে যিকোনো হালধীয়া মিঠাই বা ফল আগবঢ়াব পাৰে । ইয়াৰোপৰি যিকোনো সেউজীয়া ফলো আগবঢ়াব পাৰে ।’’ জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই এইদৰে কয় ৷