কংগ্ৰেছৰ দিনত ইয়াত মানুহবোৰ গুলীয়াই মাৰিছিল: পবিত্ৰ মাৰ্ঘেৰিটা - BYE ELECTION 2024
🎬 Watch Now: Feature Video
Published : Nov 3, 2024, 7:34 AM IST
বিশ্বনাথ: তীব্ৰতৰ হৈছে ৫ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ । শাসক-বিৰোধী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত । ব্যতিক্ৰম নহয় বিহালী সমষ্টি । শনিবাৰে বিহালীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ গৃহ পঞ্চায়ত খৰাশিমলুত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ দুজনকৈ মন্ত্ৰী আৰু বিধায়কে ।
বিহালীৰ খৰাশিমলুত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীযুষ হাজৰীকা, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ উপস্থিতিত অনুষ্ঠিত হয় এই নিৰ্বাচনী প্ৰচাৰ সভা । বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ ভাষণৰ জৰিয়তে ভোটাৰ ৰাইজক দাঙি ধৰি বিজেপি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাবলৈ আহ্বান জনায় ।
আনফালে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা বিজেপিৰ পতন আৰম্ভ হৈছিল আৰু বিহালীৰ ৰাইজে বিজেপিৰ এই পতনত ছীল মোহৰ মাৰিব বুলি কৰা মন্তব্য বিৰুদ্ধে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰত্যুত্তৰত জয়ন্ত বৰাক শুভেচ্ছা জনাই আৰু গৌৰৱ গগৈক তিনিটা প্ৰশ্ন সুধিবলৈ কয় ।
তেওঁ সাংবাদিকক কয়, "আপোনালোকে গৌৰৱ গগৈক সুধিব ১১ ডাঙৰ নে ৩ ডাঙৰ ? দেশত ছোনিয়া গান্ধী, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ? বিধান সভাত থকা আসনৰ সংখ্যা ৯৪ ডাঙৰ নে ২৯ ডাঙৰ ? এই তিনিটা প্ৰশ্ন সুধিলেই গৌৰৱ গগৈৰ ওফাইদাং মৰা কথা ওলাই পৰিব ।"