শোৱাপাটিতে জ্বলি ছাই হ’ল বিহাৰৰ সুশীল কুমাৰ ৰায়
🎬 Watch Now: Feature Video
Published : Nov 2, 2024, 6:55 PM IST
যোৰহাট: যোৰহাট নগৰৰ মাজমজিয়াৰ ভোগদৈ মছজিদৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত অগ্নিকাণ্ডত নিহত লোকজন বিহাৰৰ সুশীল কুমাৰ ৰায় বুলি শেহতীয়াকৈ চিনাক্ত কৰা হৈছে ৷ শোৱাপাটিতে জ্বলি ছাই হ’ল ৩৫ বছৰীয়া যুৱকজন ৷ ইতিমধ্যে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।
শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও ইয়াৰ উৎস বিচাৰি পৰ্যালোচনা কৰি থকা হৈছে বুলি জিলা আয়ুক্ত জয় শিৱানীয়ে জানিবলৈ দিয়ে । আনহাতে অগ্নিকাণ্ড সম্পৰ্কত ব্যৱসায়ীসকলক প্ৰশিক্ষণৰ বাবে মতা হয় যদিও এইক্ষেত্ৰত তেওঁলোকে সহযোগ নকৰা বুলি দুৰ্যোগ প্ৰশমন বিভাগৰ এগৰাকী বিষয়াই উল্লেখ কৰে ।
উল্লেখ্য যে এই অগ্নিকাণ্ডত বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৱাসিকস্থলী ভস্মীভূত হয় । যোৰহাট অগ্নিনিৰ্বাপক বাহিনী, বায়ু সেনা বাহিনী, ভাৰতীয় সেনাবাহিনীৰ লগতে ONGC ৰ পৰা অহা অগ্নিনিৰ্বাপক গাড়ীয়ে বহু ঘন্টাৰ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক: যোৰহাটৰ অগ্নিকাণ্ডত নিহত এজন; কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত