ETV Bharat / state

অসম সাহিত্য সভাৰ নিৰ্বাচন: প্ৰথম দিনা কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন - ASAM SAHITYA SABHA ELECTION

প্ৰথম দিনা প্ৰধান সম্পাদকৰ পদৰ বাবে ২ জনে আৰু উপ-সভাপতি পদৰ বাবে ৫জনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ । মনোনয়ন পত্ৰ সংগ্ৰহ কৰি কি ক’লে প্ৰাৰ্থীয়ে...

Asam Sahitya Sabha election
অসম সাহিত্য সভাৰ নিৰ্বাচন (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 9:26 PM IST

যোৰহাট: বহুচৰ্চিত অসম সাহিত্য সভা নিৰ্বাচন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ’ল ৷ আজি যোৰহাটস্থিত অসম সাহিত্য সভা কেন্দ্ৰীয় মুখ্য কাৰ্যালয় পৰা উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে বহুকেইজন ব্যক্তিয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । প্ৰধান সম্পাদক পদৰ বাবে অজিত প্ৰসাদ শৰ্মা(গুৱাহাটী) আৰু ড৹ সঞ্জীৱ কুমাৰ শৰ্মা(গুৱাহাটী)ই মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । আনহাতে উপ-সভাপতি পদৰ বাবে নৰহৰি চুতীয়া(তেজপুৰ), ডাঃ বিপিন চন্দ্ৰ কলিতা (নলবাৰী), অজয় সিংহ (নাহৰকটীয়া), পদুম ৰাজখোৱা(নগাঁও) ড৹ অনিল কুমাৰ শইকীয়া(যোৰহাট)ই আজি মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । অসম সাহিত্য সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতিয়ে এই কথা জানিবলৈ দিয়ে ৷

উপ-সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি ডাঃ বিপিন চন্দ্ৰ কলিতাই কয়, "আমি সকলোৰে সেৱা মনোভাৱেৰে আগবাঢ়ি যাব লাগিব ৷ অসম সাহিত্য সভাক গণমুখী কৰিব লাগিব আৰু শাখা পৰ্যায়লৈ লৈ যাব লাগিব । এই ক্ষেত্ৰত বিশেষকৈ নৱপ্ৰজন্মক সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত কৰি তুলিবলৈ আমি কাৰ্য কৰিব লাগিব আৰু অসম সাহিত্য সভাৰ মজিয়াৰ পৰাই আমি সুস্থ বাৰ্তাবৰণ সমাজলৈ পঠিয়াম ।"

অসম সাহিত্য সভাৰ নিৰ্বাচন (ETV Bharat Assam)

আনহাতে প্ৰধান সম্পাদক পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা অজিত প্ৰসাদ শৰ্মাৰ লগতে আন কেইবাজনো প্ৰাৰ্থীয়ে অসম সাহিত্য সভাৰ সংবিধানৰ কথা কৈ মন্তব্য দিয়া পৰা বিৰত থাকে ।

সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতিয়ে জানিবলৈ দিয়া মতে, আজি অৰ্থাৎ ৩ নৱেম্বৰ আৰু ৪ নৱেম্বৰ মনোনয়ন পত্ৰ সংগ্ৰহৰ দিন ধাৰ্য কৰা হৈছে ৷ তেওঁলোকে এই মনোনয়ন পত্ৰসমূহ ৭ আৰু ৮ নৱেম্বৰত অসম সাহিত্য সভা গুৱাহাটীস্থ কাৰ্যালয়ত দাখিল কৰিব লাগিব ৷ ইফালে সাহিত্য সভাৰ বিষয়ববীয়া ৪ নৱেম্বৰ অৰ্থাৎ কাইলৈও প্ৰধান সম্পাদক আৰু উপ-সভাপতি পদৰ বাবে কেইবাজনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: অসম সাহিত্য সভাৰ নিৰ্বাচন; যোৰহাটত মনোনয়ন সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.