ETV Bharat / lifestyle

সাৱধানতাৰে ব্যৱহাৰ কৰক পানী গৰম কৰা হিটাৰ ৰড: মানি চলক এইসমূহ নিয়ম - WATER IMMERSION ROD SAFETY TIPS

গৰম পানীৰ বাবে ৱাটাৰ হিটাৰ ৰড ব্যৱহাৰ কৰা লোকসকলে এইসমূহ সাৱধানতা অৱলম্বন কৰাটো কিয় জৰুৰী,পঢ়ক সম্পূৰ্ণ খবৰ...

IMMERSION WATER HEATING ROD
সাৱধানতাৰে ব্যৱহাৰ কৰক পানী গৰম কৰা হিটাৰ ৰড ? মানি চলক এইসমূহ নিয়ম (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Dec 26, 2024, 4:27 PM IST

বৈদ্যুতিক দুৰ্ঘটনাৰ ফলত প্ৰায়েই ক’ৰবাত নহয় ক’ৰবাত মানুহৰ মৃত্যু হয় ৷ যাৰ মূল কাৰণ হ’ল ঘৰত ব্যৱহৃত বৈদ্যুতিক সঁজুলিৰ বিষয়ে থাকিবলগীয়া তথ্যৰ অভাৱ বা শিক্ষাৰ অভাৱ ৷ শীতকালত ঠাণ্ডা পানীৰে গা ধুবলৈ টান পোৱাটো তেনেই সাধাৰণ কথা ৷ কিছুমান মানুহে ঠাণ্ডা পানীৰে গা ধোৱাৰ ভয়ত গিজাৰ ফিট কৰে, কিন্তু গিজাৰ অতি ব্যয়বহুল আৰু সকলোৰে ইয়াক ক্ৰয় কৰাৰ সামৰ্থ্য নাথাকে সেয়ে এনে পৰিস্থিতিত এতিয়াও অধিকাংশ লোকেই কেৱল পানী গৰম কৰা ৰড ব্যৱহাৰ কৰে ৷

কিন্তু ৱাটাৰ হিটাৰ ৰড ব্যৱহাৰ কৰা লোকসকলে অত্যন্ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন ৷ কাৰণ আপোনাৰ এটা সামান্য ভুলে আপোনাৰ প্ৰাণো কাঢ়িব পাৰে ৷

ৱাটাৰ হিটাৰ ৰড ব্যৱহাৰ কৰিবলৈ হ’লে খুব সাৱধানতাৰে ইয়াক ব্যৱহাৰ কৰিব লাগিব ৷ এইটো এটা ৰিস্কি কাম বুলি গণ্য কৰা হয়, কাৰণ এটা সৰু ভুলেও আপোনাৰ ডাঙৰ ক্ষতি কৰিব পাৰে ৷ সেয়ে এই খবৰৰ জৰিয়তে জানো আহক ৱাটাৰ হিটাৰ ৰড ব্যৱহাৰ কৰাৰ সময়ত আমি কি কি কথা মনত ৰখাটো উচিত...

হিটাৰ ৰড ব্যৱহাৰ কৰাৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ...

  • পানী গৰম কৰা ৰডডাল সদায় প্লাষ্টিকৰ বাল্টিত ব্যৱহাৰ কৰক, পানীত ভৰোৱাৰ আগতে কেতিয়াও ইয়াক গৰম নকৰিব ৷ মনত ৰাখিব যে, ষ্টীলৰ বাল্টিত ইয়াক ব্যৱহাৰ কৰিলে ইলেক্ট্ৰিক শ্বকো লাগিব পাৰে ৷
  • পানীত ভৰোৱাৰ পিছতহে ৱাটাৰ হিটাৰৰ ৰডডাল অন কৰক, ভৰাই দিয়াৰ পিচত বাল্টিটো স্পৰ্শ কৰিবলৈ এৰক ৷
  • ৱাটাৰ হিটাৰৰ ৰড স্থাপন কৰাৰ সময়ত ভৰিত চপ্পল পৰিধান কৰক আৰু বন্ধ কৰাৰ পিছতো পানী বা হিটাৰটো কমেও ১০-১৫ ছেকেণ্ডৰ বাবে স্পৰ্শ নকৰিব ৷
  • পানী গৰম কৰা ৰডডাল দুবছৰতকৈ অধিক সময় ব্যৱহাৰ নকৰিব, দীঘলীয়া সময়ৰ পিচত ব্যৱহাৰ কৰাৰ পূৰ্বে ইলেক্ট্ৰিচিয়ানৰ পৰা পৰীক্ষা কৰি লওক ৷
  • সস্তাতে পানী গৰম কৰা ৰড ক্ৰয় নকৰিব, ৰড বাছনি কৰোঁতে পানী গৰম কৰা ৰডৰ ৱাট ক্ষমতাও ভালদৰে জানি ল’ব ৷
  • হিটাৰত পানী গৰম কৰাৰ পিচত আনপ্লাগ কৰক ৷ এনেকৈ ৰাখিলে পাহৰি যোৱাৰ আশংকা থাকে ৷ ইয়াৰ ফলত ৰডডাল অতিমাত্ৰা গৰম হৈ জুই জ্বলিব পাৰে ৷
  • চুইচ অন হৈ থকাৰ সময়ত পানী স্পৰ্শ নকৰিব অন্যথা শ্বক লগাৰো সম্ভাৱনা আছে ৷ চুইচটো বন্ধ কৰাৰ ১০ ছেকেণ্ডৰ পিছত ৰডডাল উলিয়াই পৰীক্ষা কৰক ৷
  • হিটাৰটো শিশুৰ ওচৰে-পাজৰে নাৰাখিব ইয়াৰ ফলত বিদ্যুৎস্পৃষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ বাথৰুমত পাৰিলে নাৰাখিব ৷
  • হিটাৰ লগোৱাৰ পিচত প্লাষ্টিকৰ বাল্টিটোৰ পৰা আঁতৰত ৰাখক যেতিয়ালৈকে ই গৰম হৈ নুঠে ৷ গৰমৰ বাবে প্লাষ্টিক গলিব পাৰে ৷ ঘণ্টাৰ পিচত ঘণ্টা হিটাৰটো জ্বলাই নাৰাখিব ৷
  • হিটাৰৰ ৰডটো পানীত ডুব যোৱাটো নিশ্চিত কৰক ৷ চুইচ অফ কৰাৰ পিচত প্লাগটো আঁতৰাই পানীখিনি স্পৰ্শ কৰি উষ্ণতা পৰীক্ষা কৰক ৷
  • মনত ৰাখিব, সদায় আই এছ আই চিহ্নিত হিটাৰ ৰডহে ক্ৰয় কৰক ৷ ১৫০০-২০০ ৱাটৰ পৰা ২৩০-২৫০ ৱাটৰ ভিতৰত ভল্টেজ থকা হিটাৰহে সদায় ক্ৰয় কৰিব ৷ মনত ৰাখিব যে, এই সৰু সৰু কথাবোৰৰ প্ৰতি সাৱধানতা অৱলম্বন নকৰিলে পিচলৈ কোনো বিপদজনক ঘটনাও সংঘটিত হ’ব পাৰে ৷

(সতৰ্কীকৰণ: উক্ত প্ৰতিবেদনত দিয়া তথ্যসমূহ আৰু পৰামৰ্শসমূহ কেৱল আপোনাৰ সাধাৰণ জ্ঞানৰ বাবেহে, এইবোৰক কাৰ্যকৰী কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল ।)

লগতে পঢ়ক: শীতকালত বাইক চলাওতে খুব ঠাণ্ডা লাগে নেকি ? তেন্তে অনুসৰণ কৰক এই উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.