ETV Bharat / state

ধিঙত কিশোৰী ধৰ্ষণৰ কোনো ঘটনাই হোৱা নাছিল: আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য় - AMINUL ISLAM ON DHING RAPE CASE

মিঞা বিতৰ্কৰ পৰা ৰাজ্য কঁপোৱা ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডক লৈ এ আই ইউ ডি এফৰ বিধায়কৰ মন্তব্য় ।

Aminul Islam remarks on incident of Dhing teenage girl rape
এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 5:55 PM IST

নগাঁও: বিগত বৰ্ষৰ আগষ্টত ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডই জোকাৰি গৈছিল ৰাজ্য় । বিতৰ্ক চলি থকাৰ মাজতেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাত সলিল সমাধি ঘটিছিল অভিযুক্তৰ । এই সমগ্ৰ ঘটনাক লৈ পৰৱৰ্তী সময়ত হোৱা বিতৰ্কৰ লাহে লাহে অৱসান ঘটে । কিন্তু পৰিস্থিতি শান্ত হোৱাৰ সময়তেই এইবাৰ ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডক লৈ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কৰিলে বিস্ফোৰক মন্তব্য় ।

শেহতীয়াকৈ ৰাজ্যত পুনৰ আৰম্ভ হোৱা মিঞা বিতৰ্কৰ পৰা ৰাজ্য কঁপোৱা ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডক লৈ বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । বিগত বৰ্ষৰ আগষ্টত সংঘটিত ধিঙৰ কিশোৰী ধৰ্ষণক লৈ বিধায়কগৰাকীয়ে সোমবাৰে পুৱাই ঘটালে বিস্ফোৰণ ।

এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম (ETV Bharat Assam)

এগৰাকী কিশোৰীক ধৰ্ষণ কৰি সন্ধিয়া পথৰ দাঁতিত পেলাই থৈ যোৱাৰ অভিযোগে উত্তাল কৰিছিল সমগ্ৰ ৰাজ্য । বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচত ধিঙৰ তফাজ্জুল ইছলাম নামৰ এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । এইবাৰ সমগ্ৰ ৰাজ্য উত্তাল কৰা ধিংকাণ্ডক সম্পূৰ্ণ নাটকীয় ৰূপ দিয়া বুলি বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে ।

ধিঙত কিশোৰী ধৰ্ষণৰ কোনো ঘটনাই সংঘটিত হোৱা নাছিল বুলিও বিস্ফোৰণ ঘটাই সোমবাৰে পুৱাই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত বিধায়ক আমিনুল ইছলামে কয়, "ধিঙৰ পথৰ দাঁতিত উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ সৈতে ধৰ্ষণৰ কোনো ঘটনাই সংঘটিত হোৱা নাছিল । সম্পূৰ্ণ কাল্পনিক আৰু মনেসজা অপপ্ৰচাৰ কৰি সমগ্ৰ অসমখন উত্তপ্ত কৰি পেলালে ।"

কিশোৰীগৰাকীৰ লগতে পৰিয়ালৰ লোকৰ ভাষ্য শুনাৰ লগতে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মেডিকেল প্ৰতিবেদন চাবলৈ আহ্বান জনায় বিধায়ক আমিনুল ইছলামে পুনৰ কয়, "তাত ধৰ্ষণৰ কোনো ঘটনাই সংঘটিত হোৱা নাই ।" ইপিনে, ঘটনাটো সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতেই আৰক্ষীয়ে কৰায়ত্ত কৰা অভিযুক্ত তফাজ্জুল ইছলামক লগত লৈ নিশা ঘটনাৰ অনুসন্ধানৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি সলিল সমাধি ঘটিছিল তফাজ্জুলৰ । এয়াও নাটকীয়ভাৱে তফাজ্জুলক হত্যা কৰা বুলিও আন এক বিস্ফোৰক মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে । সমগ্ৰ ঘটনাক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ চৰকাৰে ইন্ধন যোগোৱা বুলিও মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে ।

প্ৰকৃততে হৈছিল নে ধৰ্ষণৰ ঘটনা?

ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাৰ অভিযুক্ত তফাজ্জুল ইছলামৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ঘটনাৰ বিৰুদ্ধে তফাজ্জুলৰ পৰিয়ালৰ লোকে গুৱাহাটী উচ্চ ন্যাায়ালয়ত তৰিছে এক গোচৰ । গোচৰটোৰ অধিবক্তা জোনাইদ খলিফে ই টি ভি ভাৰতৰ আগত কয়, "চৰকাৰে ঘটনাক লৈ ইতিমধ্যেই ন্যায়ালয়ত শপতনামা দাখিল কৰিছে । স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনো দাখিল কৰিছে, প্ৰতিবেদনত কিশোৰীগৰাকী ধৰ্ষণ হোৱা বুলিও উল্লেখ আছে যদিও ধৰ্ষণৰ ঘটনাত তফাজ্জুল জড়িত থকাৰ কোনো পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা নাই।"

মিঞা বিতৰ্কক লৈ মন্তব্য আমিনুল ইছলামৰ:

শেহতীয়াকৈ ৰাজ্যত পুনৰ সৃষ্টি হোৱা মিঞা বিতৰ্কক লৈয়ো মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে । একাংশই মিঞাক লৈ বহু আপত্তিজনক মন্তব্য কৰাৰ বিপৰীতে মিঞা সম্প্ৰদায়ৰো একাংশই বিতৰ্কিত মন্তব্য কৰি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰি বিধায়ক আমিনুল ইছলামে কয়, "এয়া বিজেপি দলৰ চক্ৰান্ত । বিজেপি দল তথা চৰকাৰে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ এনে এক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে । "

লগতে পঢ়ক:আৰক্ষীৰ জিম্মাত তফাজ্জুলৰ মৃত্যু; গোচৰ উঠাই ল’বলৈ পৰিয়ালক টকা-ঘৰ-মাটিৰ প্ৰলোভন দিছিল কোনে ? - Dhing Rape Case - DHING RAPE CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.