ধেমাজি: খাবলৈ অনা কাঠফুলাৰ পৰা নিতৌ লাভ উঠাইছে এজন ব্যক্তিয়ে ৷ ঘৰত খাবলৈ উৎপাদন কৰা কাঠফুলা আজি তেওঁ বিক্ৰী কৰে অসমৰ লগতে বহিঃৰাজ্যতো ৷ তেওঁৰ নাম ৰঞ্জিত চেতিয়া ৷ ধেমাজি জিলাৰ হাতীগড়ৰ বাসিন্দা ৰঞ্জিত চেতিয়া আজি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে কাঠফুলা খেতিৰে ৷
এই খেতিৰ বাবে তেওঁ লোৱা নাছিল কোনো প্ৰশিক্ষণ ৷ ঘৰতে নিজে খাবৰ বাবে তেওঁ উৎপাদন কৰিছিল কাঠফুলা ৷ কিন্তু লাহে লাহে তেওঁ ইয়াক ব্যৱসায়িকভাৱে কৰিবলৈ ধৰে ৷ এতিয়া তেওঁ কাঠফুলা খেতিৰ পৰা দৈনিক লাভ পাবলৈ সক্ষম হৈছে ৷
মাত্ৰ দহটা চিলিণ্ডাৰেৰে তেওঁ কাঠফুলাৰ খেতি আৰম্ভ কৰিছিল ৷ আজি তেওঁৰ ফাৰ্মত চিলিণ্ডাৰৰ সংখ্যা প্ৰায় 1200 ৷ প্ৰথমাৱস্থাত মানুহে কাঠফুলা খাবলৈ বিচৰা নাছিল যদিও পৰৱৰ্তী সময়ত তেওঁ এই খেতি তথা ব্যৱসায়ত সফলতা লাভ কৰে ৷ চেতিয়াৰ পত্নীয়েও এই কাৰ্যত তেওঁক সকলো ধৰণে সহায় কৰি আহিছে ৷
ই টিভি ভাৰতৰ আগত ৰঞ্জিত চেতিয়াই কয়, ‘‘প্ৰথমে ঘৰত খাবলৈ উৎপাদন কৰিছিলো ৷ মই কোনো প্ৰশিক্ষণ লোৱা নাছিলো ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আমি কাঠফুলা উৎপাদন কৰোঁ ৷ প্ৰথমে 10 টা চিলিণ্ডাৰ আছিল যদিও বৰ্তমান প্ৰায় 1200 চিলিণ্ডাৰ আছে ৷ চাৰিগৰাকীকৈ মহিলাই মোক সহায় কৰে এই খেতিত ৷ তাৰোপৰি মোৰ পত্নীও ইয়াৰ লগত জড়িত ৷’’
তেওঁ লগতে কয়, ‘‘প্ৰথমে মানুহে কাঠফুলা খাবলৈ খোজা নাছিল ৷ এতিয়াও বহুতো মানুহে কাঠফুলা বুলি ক’লে নাখায়, কিন্তু মাছৰুম বুলি ক’লে খায় ৷ বাতৰিকাকতত কাঠফুলা খাই মানুহ মৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ বাবেই বহুতে ভয় খায় ৷ কৃষিৰ জৰিয়তে উৎপাদিত কাঠফুলা যে স্বাস্থ্যসন্মত সেয়া বাতৰিকাকতে উল্লেখ কৰি দিব লাগে ৷ এতিয়া মানুহ সজাগ হৈছে ৷ অসমৰ লগতে অৰুণাচল প্ৰদেশলৈও আমি কাঠফুলা প্ৰেৰণ কৰোঁ ৷’’
ইতিমধ্যে চেতিয়াৰ ফাৰ্মত উৎপাদিত কাঠফুলাই স্থানীয় বজাৰৰ উপৰিও অৰুণাচল প্ৰদেশৰ ইটানগৰ, আলং, পাচিঘাট, লিকাবালি আদিতো সমাদৰ লাভ কৰিছে ৷ শিলিগুৰিৰ পৰা উন্নতমানৰ সঁচ আনি খেৰ পৰিশোধন কৰি চিলিণ্ডাৰ প্ৰস্তুত কৰে ৷ প্ৰতিকিলোত 200 টকাকৈ দৈনিক 70-80 কেজি কাঠফুলা তেওঁ বিক্ৰী কৰে ৷ তেওঁৰ এই কামটো চোৱা-চিতা কৰাৰ বাবে চাৰিগৰাকী প্ৰতিবেশী মহিলাক নিয়োগ কৰাৰ লগতে নিজৰ সহধৰ্মিনীয়েও সহযোগ আগবঢ়ায় । আনপিনে জিলাখনৰ বহুতো বিভিন্ন মহিলা গোটৰ সদস্য আৰু অন্যান্য বিভাগৰ যোগেদি চেতিয়াৰ কাঠফুলাৰ ফাৰ্মত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা যায় ৷
লগতে পঢ়ক: ১২ বছৰে কাঠফুলা খেতিৰে পেটৰ ভাত মোকলাইছে ধেমাজিৰ জিতু গগৈয়ে - Self reliant Story