বৰপেটাত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত কিয় সেৰেঙা হ’ল মহিলাৰ উপস্থিতি ?

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 2:32 PM IST

thumbnail

জনীয়া, 24 জানুৱাৰী: জনীয়াৰ বামুনটাৰীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা । ৰাহুল গান্ধীক স্বাগতম জনাবলৈ হাজাৰ হাজাৰ কংগ্ৰেছ আৰু চিপিআইএম কৰ্মীৰ লগতে জনতাৰ ভীৰ । 2 নং বিকল্প ৰাজ্যিক ঘাইপথেৰে বৰপেটাৰ পৰা জনীয়া হৈ অভয়াপুৰী-বঙাইগাওঁ লৈ আগবাঢ়িছে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৷ 

পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা । বাছৰ পৰাই হাত জোকাৰি সহস্ৰাধিক ৰাইজক অভিনন্দন জনালে ৰাহুল গান্ধীয়ে । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পাৰ হ'ল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা । ৰাহুল গান্ধীক দূৰৰ পৰাই চাবলৈ হাজাৰ হাজাৰ মানুহে ভীৰ কৰা পৰিলক্ষিত হৈছে, যদিও লক্ষণীয়ভাবে মহিলাৰ উপস্থিতিৰ সংখ্যা কম হোৱা দেখিবলৈ পোৱা গ’ল বুধবাৰৰ দিনটোত । 

উল্লেখযোগ্য যে, আজি প্ৰতিটো গাঁও পঞ্চায়ত কাৰ্যালয়ত আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচী চলি আছে ৷ যাৰ বাবে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত মহিলাৰ উপস্থিতি কম দেখিবলৈ পোৱা গ’ল । এয়া বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ বুলি কয় দলীয় কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক: বৰপেটাত অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক’লে ৰাহুল গান্ধীয়ে?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.