অনাদায় যান-বাহন কৰ আদায় দিয়াৰ আহ্বান বৰপেটা জিলা পৰিবহন বিভাগৰ - Motor Vehicle Tax

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 3:36 PM IST

বৰপেটা, 22 ফেব্ৰুৱাৰী : যান-বাহনৰ অনাদায় কৰ আদায় দিয়াৰ আহ্বান বৰপেটা জিলা পৰিবহন বিষয়াৰ ৷ চৰকাৰৰ নিৰ্দেশ মৰ্মে 2024-25 বিত্তীয় বৰ্ষত বৰপেটা জিলা পৰিবহন বিভাগক অনাদায় থকা বিভিন্ন যান-বাহনৰ কৰ 53.22 কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি দিয়া হৈছে ৷  

ইফালে সকলো ধৰণৰ যান-বাহনৰ অনাদায় থকা কৰ সমূহ মাৰ্চৰ ভিতৰত আদায় দিবলৈ অনুৰোধ জনাইছে জিলা পৰিবহন বিষয়াই ৷ ইতিমধ্যে 1,068 খন যান-বাহনৰ গৰাকীক জাননী প্ৰেৰণ কৰি অনলাইনযোগে বা কাৰ্যালয়ত কৰ আদায় দিবলৈ অনুৰোধ জনাইছে জিলা পৰিবহন বিষয়াগৰাকীয়ে ৷  

আনহাতে পৰিবহন বিষয়াগৰাকীয়ে জনোৱা মতে 14,363 খন যান-বাহনৰ বিপৰীতে গোচৰ ৰুজু কৰা হৈছে আৰু যথেষ্ট সংখ্যক যান-বাহন জব্দ কৰা হৈছে ৷ ইয়াৰ পৰা হাত সাৰিবলৈ অনাদায় থকা কৰ সমূহ মাৰ্চৰ ভিতৰত আদায় দিবলৈ ৰাইজক অনুৰোধ জনায় তেওঁ ৷ অন্যথা কৰ পৰিশোধ নকৰা যান-বাহন বাটে-ঘাটে জব্দ কৰা হ’ব বুলি সকীয়াই দিয়ে পৰিবহন বিষয়াগৰাকীয়ে ৷ বৰ্তমান অনাদায় যান-বাহনৰ বকেয়া কৰ 3.70 কোটি টকা ৷

লগতে পঢ়ক : অসমৰ পাৰ্বত্য এলেকাত ৩০০০ টা শিক্ষকৰ পদ‌ খালী : পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.