মাননি বৃদ্ধিৰ দাবীত অংগনবাড়ী কৰ্মী-সহায়িকাৰ তীব্ৰ প্ৰতিবাদ - অংগনাবাড়ী কৰ্মীৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video


Published : Feb 17, 2024, 4:05 PM IST
মাজুলী, 17 ফেব্ৰুৱাৰী : উজনি মাজুলী জেংৰাইমূখ সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শনিবাৰে উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনাবাড়ী কৰ্মীসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক কৰ্মচাৰী হিচাপে স্বৃকীতি দিয়া, মাননিৰ সলনি মজুৰি দিব নোৱাৰালৈকে চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কৰ্মী সহায়িকাক ১১ হাজাৰ টকা মাননি আদায় দিয়া, গ্ৰেছুইটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকা আৰু মিনি কৰ্মীক এককালীন সাহাৰ্য দিয়া আদি দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
যোৱা ১৩ ফ্ৰেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে এইসকল অংগনবাড়ী কৰ্মীৰ লগতে সহায়িকাসকলে । এই প্ৰতিবাদকাৰী কৰ্মীসকলে দাবী তোলে যে অতি সোনকালে চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি লওক অন্যথা প্ৰতিবাদৰ সন্মুখীন হ’বলৈ সাজু থাকক । তেওঁলোকৰ দাবীসমূহ মানি নল’লে আহি থকা দিনত ‘দিছপুৰ চলো’ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীয়ে ।
লগতে পঢ়ক : অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মুখত বিজেপি চৰকাৰ গ’ বেক ধবনি