গুমৰাগৰ ছন্দত মতলীয়া বিহপুৰীয়াবাসী - আলি আয়ে লৃগাং

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 2:28 PM IST

বিহপুৰীয়া, 14 ফেব্ৰুৱাৰী: বুধবাৰে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং লোকসকলে উদযাপন কৰে পবিত্ৰ আলি আয়ে লৃগাং । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ বিহপুৰীয়াতো উদযাপন কৰা হৈছে আলি আয়ে লৃগাং ৷ 

ঐনিতমৰ সুৰ আৰু গুমৰাগৰ ছন্দত একপ্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে বিহপুৰীয়াৰ অৰ্ধ শতাধিক মিচিং বসতি প্ৰধান গাঁৱত । বিহপুৰীয়াৰ আন আন মিচিং বসতি প্ৰধান গাঁৱৰ লগতে সোৱণশিৰি আৰু ডিক্ৰংপৰীয়া 2 নং দহঘৰীয়া গাঁৱতো পুৱাৰে পৰা উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ।

কণমানিটোৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈকে সকলোৱে একেলগ হৈ মুকলি পথাৰত ঐনিতমৰ সুৰত এপাক কঁকাল ঘূৰাই নাচিছে আৰু সমূহায়ীকৈ পৰম্পৰাগত খাদ্যৰ জুতি লৈছে ।

লগতে পঢ়ক: টীয়কৰ সোণাৰী মিচিং গাঁৱত আলি আয়ে লৃগাং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.