thumbnail

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ কেইবাটাও আদিবাসী সংগঠন

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 7:03 AM IST

ডিব্ৰুগড়, 24 জানুৱাৰী : সমাগত লোকসভা নিবাৰ্চন । সকলো ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা সময়তে বিভিন্ন সমস্যাক লৈ সৰৱ হৈছে বিভিন্ন দল-সংগঠন । কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাচতো বহুকেইটা সমস্যা সমাধান নকৰাত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে একাংশ দল-সংগঠন । মঙলবাৰে টিংখাঙত একত্ৰিত হ’ল আদিবাসী সমাজ । আদিবাসীসকলৰ ন্যাৰ্য দাবীৰ ওপৰত টিংখাং ৰাজগড়ৰ কৰমা ভৱনত অনুষ্ঠিত হয় এখন 'চিন্তন বৈঠক’ ।

আদিবাসী ছেঙ্গেল (সশক্তিকৰণ) অভিযানৰ অন্তৰ্গত উক্ত চিন্তন বৈঠকতে চাওঁতাল, চাওৰা, মুণ্ডাকে ধৰি সকলো সম্প্ৰদায়ৰ নেতৃবৃন্দৰ লগতে স্থানীয় বহু সংখ্যক লোক উপস্থিত আছিল । উক্ত সভাতে আদিবাসীসকলৰ ‘ছাৰনা ধৰ্ম’ কোডৰ মান্যতা প্ৰদান কৰা, অসমৰ আদিবাসীসকলক অতি শীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰা দাবীৰ সন্দৰ্ভত আলোচনা কৰা হয় ।

আলোচনা মৰ্মে, কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে একত্ৰিতভাবে দাবী উত্থাপন কৰাৰ লগতে এই দাবী পূৰণ নোহোৱা পৰ্যন্ত ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে আদিবাসী সংগঠনৰ নেতৃত্বই ।

লগতে পঢ়ক : সোণাৰিত নেতাজীৰ ১২৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.