লোকসভা নিৰ্বাচনত আসন বুজাবুজিক লৈ নৰম হৈছে আপ - Seat Sharing
🎬 Watch Now: Feature Video
Published : Feb 29, 2024, 7:10 PM IST
গুৱাহাটী, 29 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন কাষ চাপিছে যদিও এতিয়াও অসমত বিৰোধী ঐক্য মঞ্চৰ দলসমূহে আসন বুজাবুজিক লৈ কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৷ ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ সহমত নোহোৱাকৈয়ে ৰাজ্যৰ তিনিটা সমষ্টিৰ বাবে আপে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা ৷ ইতিমধ্যে এই সন্দৰ্ভত বিৰোধী ঐক্য মঞ্চৰ দল সমূহৰ মাজত আলোচনাও অনুষ্ঠিত হৈছে, যদিও আকোঁৰগোজ স্থিতিত আছে আপ ৷
কিন্তু ইয়াৰ মাজতে আসন বুজাবুজিৰ সন্দৰ্ভত সমিলমিলত অহাৰ দিশত আগবঢ়াৰ ইংগিত প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু আপ অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে ৷ এই সন্দৰ্ভত আজি আপ অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে কয় যে, আসন বুজাবুজিক লৈ আলোচনা চলি আছে ৷ আলোচনা ইতিবাচক দিশত আগবাঢ়িছে ৷ অসমৰ সকলো সমষ্টিতে বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে উমৈহতীয়াকৈ এজনকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছে ৷ সকলো বিৰোধী দলে আসন বুজাবুজিক লৈ আপোচ কৰিছে। ৷ আপেও আপোচ কৰিছে বুলি তেওঁ সদৰী কৰে ৷ আপ অসমৰ সভাপতিগৰাকীয়ে লগতে কয় যে, আপৰ প্ৰাৰ্থী তালিকা সলনি হ'ব পাৰে ৷
উল্লেখ্য যে বিৰোধী ঐক্য মঞ্চৰ সহযোগী দল আপে গুৱাহাটী, শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিছিল ৷ আপে এইক্ষেত্ৰত আকোঁৰগোজ ভূমিকা গ্ৰহণ কৰি আছে ৷ তথাপিও আপৰ লগত কেবালানি আলোচনা বিৰোধী দলসমূহে চলায় আছিল ৷ অৱশেষত এই আলোচনাৰ পিছত আপ কিছু নৰম হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : বিজেপিত যোগদান সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে