জোনাইত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এগৰাকী কণমানি ছাত্ৰী - Road accident in Jonai

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 8:24 PM IST

thumbnail
পথ দুৰ্ঘটনাত নিহত এগৰাকী কণমানি ছাত্ৰী (ETV Bharat Assam)

জোনাই,২৬ জুন: জোনাইৰ লাইমেকুৰীস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । উক্ত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী । জানিব‌ পৰা মতে পুৱাই কণমানি ছাত্ৰীগৰাকীয়ে বিদ্যালয়লৈ বুলি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে গৈ থকা অৱস্থাত অৰুণাচলৰ পাচিঘাটৰ পৰা ইটানগৰলৈ বুলি তীব্ৰ বেগত অহা AR-09-A-8725 নম্বৰ যুক্ত এখন উইংগাৰ বাহনৰ খুণ্ডাত গুৰুতৰভাৱে আহত হয় কণমানি ছাত্ৰীগৰাকী । ঘটনাৰ পিছতে স্থানীয় ৰাইজে উপস্থিত হৈ কণমানি ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ সংকটজনক অৱস্থাত জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।  

ইফালে কণমানি ছোৱালীজনীক পিছত উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ নি থকা অৱস্থাত আধাবাটতে মৃত্যু হয় বুলি জানিব পৰা গৈছে । মৃত কণমানি ছাত্ৰীগৰাকী জোনাইৰ লাইমেকুৰী মিৰি টাক গাঁৱৰ ৯ বছৰীয়া ৰুবী ময়ঙ বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই উইংগাৰখন ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ প্ৰচেষ্টাত খেদি খেদি চিলাপথাৰৰ ডিমৌৰ পৰা গাড়ীসহ চালকজনক আটক কৰে । পিচত ৰাইজে গাড়ীসহ চালকজনক জোনাই আৰক্ষীক‌ চমজাই দিয়াত বৰ্তমান চালকজনক সোধপোচৰ বাবে জোনাই আৰক্ষী থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.