সৰুপথাৰ চুঙাজানৰ পৰা সন্ধানহীন সপ্তম শ্ৰেণীৰ ছাত্ৰ - Golaghat Student Missing - GOLAGHAT STUDENT MISSING
🎬 Watch Now: Feature Video


Published : Aug 5, 2024, 5:58 PM IST
সৰুপথাৰ, ৫ আগষ্ট: সৰুপথাৰ চুঙাজানৰ পৰা এজন সপ্তম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন । চুঙাজান নৱমিলনপুৰ গাঁৱৰ ভদ্ৰেশ্বৰ গগৈ আৰু অকণি গগৈৰ পুত্ৰ ভাস্কৰ গগৈ (১২) বিগত চাৰিদিনৰ পৰা সন্ধানহীন হৈ আছে । চিলাবলৈ দি থোৱা পেণ্ট আনিবলৈ দোকানলৈ যাওঁ বুলি ওলাই গৈ বৰ্তমানলৈকে ঘূৰি অহা নাই ভাস্কৰ ।
ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত চুঙাজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । যদি কোনোবা সদাশয় ব্যক্তিয়ে ভাস্কৰৰ সন্ধান লাভ কৰে তেন্তে ৮১৩৪০৫৫০৯৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।
উল্লেখ্য যে ধনশিৰি মহকুমাত ছাত্ৰ-ছাত্ৰী সন্ধানহীন হোৱা ঘটনাই ক্ৰমাৎ যেন গতি লাভ কৰিছে । কিছুদিন পূৰ্বে বৰপথাৰৰ টেঙানী অঞ্চলৰ দুগৰাকী ছাত্ৰী নিখোজ হোৱাৰ পাচত চুঙাজানৰেই এগৰাকী দিব্যাংগ কিশোৰী ১০ দিন ধৰি সন্ধানহীন হৈ আছে । পুনৰ ১ আগষ্টৰ পৰা চুঙাজানৰ নৱ মিলনপুৰ গাঁৱৰ ভাস্কৰ গগৈ সন্ধানহীন হৈছে ।
লগতে পঢ়ক: বিগত তিনিদিনে সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ সৌৰভ; চিন্তিত অভিভাৱক - Dhemaji Student Missing