বঙাইগাঁৱৰ টেন্টনপুৰত আই নৈৰ খহনীয়াত সৰ্বহাৰা নৈপৰীয়া - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 2:07 PM IST

thumbnail
বঙাইগাঁৱৰ টেন্টনপুৰত আই নৈৰ খহনীয়াত সৰ্বহাৰা নৈপৰীয়া (ETV Bharat Assam)

বঙাইগাঁও, ১৩ জুলাই: আই নৈয়ে কালৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাত । আই নৈৰ খহনীয়াৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ । বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত টেন্টনপুৰতো অব্যাহত আছে আই নৈৰ ভয়াবহ খহনীয়া । যোৱা ৬ টা দিনত গৃহহীন হৈছে প্ৰায় ৩০ টা পৰিয়াল । শনিবাৰে পুৱাৰ পৰা পুনৰ ৩ টা পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে । নৈৰ বুকুত বিলীন হৈছে শশ বিঘা কৃষিভূমি ।  

খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলে অস্থায়ীভাৱে আশ্ৰয় লৈছে নিৰাপদ স্থানত । ইয়াৰ পিচতো জিলা প্ৰশাসন, জলসম্পদ বিভাগ তথা স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে খবৰ নোলোৱাৰ অভিযোগ ক্ষতিগ্ৰস্ত ৰাইজৰ । মৰমৰ ঘৰখন হেৰুৱাই কান্দোনত ভাগি পৰিছে ক্ষতিগ্ৰস্ত লোকসকল । শীঘ্ৰেই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী লৈ আহ্বান জনাই ক্ষতিগ্ৰস্ত ৰাইজে । 

লগতে পঢ়ক: কলগাছিয়াত খহনীয়াৰ কৱলত পৰা দলং পৰিদৰ্শন বদৰুদ্দিন আজমলৰ - Badruddin Ajmal

ভৰসা নাই জনপ্ৰতিনিধিৰ ওপৰত : কলগাছিয়াত ৰাইজৰ শ্ৰমদানেৰে খহনীয়া ৰোধৰ চেষ্টা - Assam Flood 2024

শীঘ্ৰেই ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’ব তিনিটাকৈ কালভাৰ্ট - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.