ETV Bharat / opinion

ইউ এম এফৰ দৰেই অতীত হোৱাৰ দিশে এ আই ইউ ডি এফ ! - AIUDF History and Its Present Situation

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 9:38 PM IST

AIUDF history and its present situation : সংখ্যালঘুৰ নামত গঠিত এ আই ইউ ডি এফ দলৰো অৱস্থা ইউ এম এফৰ দৰেই হোৱাৰ দিশে আগবাঢ়িছে । অসমৰ ৰাজনীতিত সংখ্যালঘুসকলক লৈ গঠন হৈছিল ইউ এম এফ দল । এসময়ত সংখ্যালঘু ৰাইজৰ মাজত শক্তিশালী ৰূপত জন্মগ্ৰহণ কৰিয়েই বিধানসভাৰ 17 খনকৈ আসন দখল কৰিও নিশ্চিহ্ন হৈ পৰিল ইউ এম এফ । শেহতীয়াকৈ ইউ এম এফৰ দৰেই অৱস্থা হ'বলৈ গৈ আছে নেকি বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ । এসময়ত তৰুণ গগৈয়ে কোৱা 'Who is Badruddin' বৰ্তমান অসমৰ ৰাজনীতিত হৈ পৰিছে তেনেই গুৰুত্বহীন নেতা । সংখ্যালঘুৰ নামত গঠিত ইউ এম এফৰ পৰা এ আই ইউ ডি এফ লৈ… সকলো সামৰি জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

AIUDF History and Its Present Situation
বদৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফ (ETV Bharat Assam)

বিশেষ প্ৰতিবেদন, ৭ জুন : নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ কৰি ৰাজনৈতিক দল গঠনেৰে সংখ্যালঘুৰ আস্থা বুটলিবলৈ সক্ষম হোৱা বদৰুদ্দিন আজমলে ক্ৰমাৎ হেৰুৱাবলৈ ধৰিছে সংখ্যালঘু জনতাৰ আস্থা । পানী জৰা-ফুকাই হওক অথবা ধৰ্মৰ আৱেগতেই হওক, ৰাজনৈতিক দল গঠন কৰিয়েই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক যেন ৰাজনীতিৰ পথাৰৰ পৰা বিদায় দিবলৈ সাজু হৈছে অসমৰ সংখ্যালঘু জনতা ।

অৰ্থাৎ এসময়ৰ ইউ এম এফ দলৰ দৰেই যেন অতীত হোৱাৰ দিশে যাত্ৰা আৰম্ভ হৈছে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলৰ । এ আই ইউ ডি এফ দলৰ আৰম্ভ হোৱা বিপৰ্যয় আৰু পূৰ্বে সংখ্যালঘুৰ নামত গঠন হৈ অস্তিত্ব হেৰুওৱা ইউ এম এফ দলৰ বিষয়ে প্ৰথমে জানো আহক কিছু তথ্য ।

কাৰ কাৰ নেতৃত্বত গঠন হৈছিল ইউ এম এফ দল

1977 চনত গোলাপ বৰবৰা চৰকাৰৰ যোগান বিভাগৰ দায়িত্বত আছিল এগৰাকী সংখ্যালঘু নেতা গোলাম ওছমানি । এইগৰাকী গোলাম ওছমানি আৰু কালিপদ সেনৰ নেতৃত্বত গঠন হৈছিল ইউ এম এফ নামৰ ৰাজনৈতিক দলটো । দলটোৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল কালিপদ সেনে আৰু সম্পাদক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল গোলাম ওছমানিয়ে । এনে একাংশ নেতাৰ নেতৃত্বত শক্তিশালী ৰূপ লাভ কৰিও পৰৱৰ্তী সময়ত নিশ্চিহ্ন হৈ পৰে দলটো ।

কেতিয়া আৰু কিয় গঠন হৈছিল ইউ এম এফ দল

চন 1985 । সেই সময়ত অসম চুক্তিৰ বিৰোধিতা কৰি ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ কেইবাগৰাকীও নেতা একেলগ হৈ হোজাইত গঠন কৰিছিল ইউ এম এফ নামৰ এক ৰাজনৈতিক দলটো । ইউ এম এফ নামৰ ৰাজনৈতিক দলটো গঠন হোৱাৰ পাছতেই লোকসভাৰ লগতে একেলগে অনুষ্ঠিত হৈছিল অসমৰ বিধানসভা নিৰ্বাচন । যি নিৰ্বাচনত সংখ্যালঘুৰ নামত গঠিত ইউ এম এফ দলে প্ৰথমবাৰ অৱতীৰ্ণ হৈয়েই বিধানসভাৰ 17 খন আসন দখল কৰাৰ লগতে লোকসভাৰো এখন আসন দখল কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক :দেশৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্য়ৱধানত জয়ী ৰকিবুল হুছেইন - Lok Sabha Election Results 2024

কিদৰে উত্থান হৈছিল ইউ এম এফৰ

1985 চনৰ প্ৰথম নিৰ্বাচনতেই সেই সময়ৰ অবিভক্ত নগাঁও জিলাৰ 6 টা বিধানসভা সমষ্টিৰ লগতে আন 11 টা বিধানসভা সমষ্টি দখল কৰাৰ উপৰি ধুবুৰী লোকসভা সমষ্টিও দখল কৰিবলৈ সক্ষম হৈছিল ইউ এম এফ দলে । সেই সময়ৰ শক্তিশালী সংখ্যালঘু নেতা হিচাপে ৰূপহীহাটৰ পৰা ৰছিদুল হক, লামডিং সমষ্টিৰ পৰা অৰ্ধেন্দু দে' বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । অবিভক্ত নগাঁও জিলাৰ ধিং, ৰূপহী, চামগুৰি, হোজাই, লামডিং, যমুনামুখ, বকো, বৰপেটা, ধুবুৰীসহ মুঠ 17 টা সমষ্টিত জয়লাভ কৰিছিল ইউ এম এফ দলৰ প্ৰাৰ্থী ।

কিদৰে আৰম্ভ হৈছিল ইউ এম এফৰ বিপৰ্যয়

ইউ এম এফ দলক আৰম্ভণিৰে পৰাই সমৰ্থন আগবঢ়োৱা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে দলটোৰ পৰা প্ৰত্যাহাৰ কৰিছিল সমৰ্থন । 1987 চনত দলটোৰ প্ৰতিষ্ঠাপক সভাপতি কালিপদ সেনৰো মৃত্যু হয় । পৰৱৰ্তী 1988 চনৰ পৰাই সেই সময়ৰ সংখ্যালঘু নেতা তথা ইউ এম এফ দলৰ বিধায়ক ৰছিদুল হকৰ নেতৃত্বত দলটোত আৰম্ভ হৈছিল বিভাজন । পৰৱৰ্তী 1990 চনত ইউ এম এফ ত্যাগ কৰি কংগ্ৰেছ দলত প্ৰৱেশ কৰা নেতা ক্ৰমে ৰছিদুল হক, অৰ্ধেন্দু দে', গোপী দাস আৰু আফজালুৰ ৰহমানে 1991 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ টিকটত জয়লাভ কৰি হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত স্থান লাভ কৰিছিল । যাৰ ফলত 1991 চনৰ বিধানসভা নিৰ্বাচনত কেৱল জনীয়া বিধানসভা সমষ্টি দখল কৰিয়েই সন্তুষ্ট থাকিবলগীয়া হৈছিল ইউ এম এফ দলে ।

একেদৰে পৰৱৰ্তী 1996 চনৰ বিধানসভা নিৰ্বাচনত জনীয়াৰ লগতে বাঘবৰ বিধানসভা সমষ্টিও দখললৈ আনিবলৈ সক্ষম হৈছিল গোলাম ওছমানি নেতৃত্বাধীন ইউ এম এফ দলে । পৰৱৰ্তী 1998 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি সাংসদ নিৰ্বাচিত হৈছিল গোলাম ওছমানি । কিন্তু 1999 চনত ইউ এম এফ দলক গোলাম ওছমানিৰ নেতৃত্বতেই কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ কৰিছিল । তাৰ পাছতেই ক্ৰমান্বয়ে নিশ্চিহ্ন হৈ পৰে সংখ্যালঘুৰ নামত গঠিত ইউ এম এফ দল । অৱশ্যে পৰৱৰ্তী সময়তো হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ নেতৃত্বত গঠন হৈছিল ইউ এম এফৰ আন এটা গোট ।

ইউ ডি এফৰ আত্মপ্ৰকাশ

ইউ এম এফ দল অসমৰ পৰা নিশ্চিহ্ন হৈ পৰাৰ পাছতেই হঠাৎ সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত ৰাজ্যৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটে বদৰুদ্দিন আজমলৰ । সংখ্যালঘু জনতাক কংগ্ৰেছে শোষণ, প্ৰতাৰণা কৰাৰ অভিযোগেৰে ৰাজ্যৰ সংখ্যালঘু এলেকাত তোলপাৰ লগাই বদৰুদ্দিন আজমলৰ নেতৃত্বত জন্মলাভ কৰে ইউ ডি এফ দলে । ইউ এম এফৰ আন এটা গোট গঠন কৰা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়েও যোগ দিয়ে ইউ ডি এফত দলত ।

লগতে পঢ়ক :টকাৰ কাৰণে নিজৰ মাক- ভনীয়েকক বিক্ৰী কৰি দিব পাৰে অখিল-লুৰীণে: আজমল - Lok Sabha Election 2024

ইউ ডি এফৰ উত্থানৰ আৰম্ভণি

2005 চনৰ শেষভাগত গঠন কৰা বদৰুদ্দিন আজমল নেতৃত্বাধীন ইউ ডি এফ দলেও প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হৈয়েই সংখ্যালঘু জনতাৰ বিপুল সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল । 2006 চনত অনুষ্ঠিত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰতেই দহগৰাকী বিধায়কক জয়ী কৰাবলৈ সক্ষম হৈছিল । একেদৰে 2009 চনৰ লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল বদৰুদ্দিন আজমল ।

আনহাতে, 2011 চনৰ বিধানসভা নিৰ্বাচনত দলটোৰ পৰা 18 গৰাকীকৈ বিধায়ক নিৰ্বাচিত হৈ আহিছিল সংখ্যালঘু অধ্যুষিত সমষ্টিৰ পৰা । সেই সময়ত অসম বিধানসভাৰ বিৰোধীৰ মুখ্য ভূমিকাও গ্ৰহণ কৰিছিল ইউ ডি এফ দলে । ক্ৰমান্বয়ে উত্থান ঘটা ইউ ডি এফ দলৰ পৰা 2014 চনৰ লোকসভা নিৰ্বাচনতো অসমৰ পৰা তিনিগৰাকীকৈ সাংসদক নিৰ্বাচিত কৰি আনিবলৈ সক্ষম হয় দলটো ।

ধুবুৰীৰ পৰা দ্বিতীয়বাৰৰ বাবে বদৰুদ্দিন আজমল, বৰপেটাৰ পৰা আজমল ভাতৃ চিৰাজ উদ্দিন আজমল আৰু কৰিমগঞ্জ সংসদীয় সমষ্টিৰ পৰাও ইউ ডি এফ দলৰ সাংসদ নিৰ্বাচিত কৰি সংখ্যালঘু এলেকাত জনপ্ৰিয় হৈ পৰে দলটো । ইউ ডি এফ দলে পৰৱৰ্তী সময়ত এ আই ইউ ডি এফ নামেৰে সৰ্বভাৰতীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰে ।

এ আই ইউ ডি এফৰ বিপৰ্যয়ৰ আৰম্ভণি

2011 চনত 18 গৰাকী বিধায়ক জয়ী কৰাবলৈ সক্ষম হোৱা এ আই ইউ ডি এফ দলৰ পৰা 2016 চনৰ বিধানসভা নিৰ্বাচনত দলটোৰ বিধায়কৰ সংখ্যা হ্ৰাস হয় 13 গৰাকীলৈ । একেদৰে ক্ৰমান্বয়ে সাংসদৰ সংখ্যাও হ্ৰাস হৈ হয় এগৰাকী । অৰ্থাৎ পৰৱৰ্তী সময়ত দলটোৰ একমাত্ৰ সাংসদ হিচাপে তৃতীয়বাৰলৈ নিৰ্বাচিত হয় দলটোৰ সভাপতি বদৰুদ্দিন আজমল । অৱশ্যে পৰৱৰ্তী 2021 চনত নিজ দলৰ গ্রহণযোগ্যতা হ্ৰাস পোৱাৰ উমান পাই কংগ্ৰেছৰ বোকোচাত উঠি পুনৰ 16 গৰাকী বিধায়ক জয়ী কৰাবলৈ সক্ষম হয় । এইদৰে ক্ৰমান্বয়ে সংখ্যালঘু জনতাই প্ৰত্যাখ্যান কৰিবলৈ আৰম্ভ কৰে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলটোক ।

অৱশেষত ধুবুৰীৰ পৰাই দিল্লী যাত্ৰা আৰম্ভ কৰা বদৰুদ্দিন আজমলৰ ৰাজনীতিৰ বিদায় যাত্ৰাও আৰম্ভ হয় ধুবুৰী লোকসভা সমষ্টিৰ পৰা । ধুবুৰী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত এইবাৰ অতি শোচনীয়ভাৱে পৰাজয়বৰণ কৰাই ধুবুৰীৰ জনতাই যেন প্ৰমাণ কৰি দেখুৱালে এসময়ত প্ৰয়াত তৰুণ গগৈয়ে 'হু ইজ বদৰুদ্দিন' বুলি কৰা মন্তব্যৰ সত্যতা । অৰ্থাৎ অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল যে কোনো 'ফেক্টৰ' নহয় সেয়া প্ৰমাণ হ’ল তৰুণ গগৈয়ে কৈ যোৱাৰ প্ৰায় পোন্ধৰ বছৰ পাচত ।

লগতে পঢ়ক :অখিল গগৈক ১০ লাখ টকা দিলে কাইলৈৰ পৰা ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাব: আজমল - Lok Sabha Election 2024

প্ৰথমাৱস্থাত সংখ্যালঘু জনতাই আন্তৰিকতাৰে আদৰি লোৱা দলটোৰ বিপৰ্যয় যাত্ৰাৰো বহুকেইটা কাৰণ আছে বুলি অৱশেষত সংখ্যালঘু জনতাৰ মাজতেই আৰম্ভ হৈছে ব্যাপক চর্চা ।

কাৰণ 1 : দল গঠনৰ সময়তেই নিষ্পেষিত সংখ্যালঘুৰ অভিভাৱকৰ ৰূপত আৱিৰ্ভাৱ ঘটাৰ পাচত সংখ্যালঘু লোকৰ কোনো এটা মূল সমস্যা সমাধানৰ বাবে কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ আজমলৰ বিৰুদ্ধে । ইয়াৰ বিপৰীতে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধিত দলটোক ব্যৱহাৰ কৰা বুলিও ক’ব বিচাৰে বিভিন্নজনে ।

কাৰণ 2 : সহজ-সৰল সংখ্যালঘু লোকৰ একমাত্ৰ ত্ৰাণকৰ্তা বুলি দাবী কৰিলেও কাৰ্যক্ষেত্ৰত সেয়া প্ৰমাণ কৰি দেখুওৱাত ব্যৰ্থ বদৰুদ্দিন আজমল ।

কাৰণ 3 : শিক্ষাৰ অভাৱেই হওক অথবা অন্ধবিশ্বাসৰ বলিয়েই হওক, পিছপৰা সংখ্যালঘু লোকৰ মাজত পানীৰ জৰা-ফুকা কৰা আজমলৰ ফু-মন্ত্ৰ ক্ৰমান্বয়ে বিশ্বাসত নোলোৱা হ’ল শিক্ষিতৰ হাৰ বৃদ্ধি পোৱা সংখ্যালঘু সমাজে ।

কাৰণ 4 : বিশেষকৈ ধৰ্মীয় সংখ্যালঘুক প্ৰায়েই তুচ্ছ-তাচ্ছিল্য কৰি অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আখ্যা বদৰুদ্দিন ভাতৃ চিৰাজউদ্দিন আজমলৰ । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজমলৰ সু সম্পৰ্ক থকা বুলি ব্যাপক প্ৰচাৰ হয় সংখ্যালঘু অধ্যুষিত এলেকাত ।

এনে একাধিক কাৰণত ক্ৰমান্বয়ে জনপ্ৰিয়তা হেৰুওৱাই নহয়, ৰাজ্যৰ ৰাজনীতিৰ পৰা 2026 চনৰ পাচত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে বিদায় লোৱাৰেই ইংগিত এইবাৰৰ লোকসভা নিৰ্বাচনৰ ফলাফলে দিয়া বুলিও আৰম্ভ হৈছে চর্চা । অৰ্থাৎ এসময়ৰ ইউ এম এফ দলৰ দৰেই বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰো অতীত বিলীন হোৱাৰ যাত্ৰা আৰম্ভ হোৱা বুলিও ৰাজনৈতিক মহলত চলিছে ব্যাপক চর্চা ।

লগতে পঢ়ক :পৰাজয়ৰ সন্দৰ্ভত কি ক'লে ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে ? - Lok Sabha Election 2024

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.