নিউজ ডেস্ক, ১৪ জুলাই :চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন । শেহতীয়াভাৱে কৰ্ণাটকত শাসনৰ বাঘজৰী দখলৰ পিছত কংগ্ৰেছৰ দৃষ্টি এতিয়া এই ৰাজ্যকেইখনৰ ওপৰত । তাৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত কংগ্ৰেছ । ইয়াৰে অংশ হিচাপে কংগ্ৰেছে পাঁচখন ৰাজ্যত আগন্তুক নিৰ্বাচনৰ বাবে এক নতুন সামাজিক মাধ্যমৰ ৰণনীতি পৰিকল্পনা কৰিছে । ইয়াৰ দ্বাৰা ভাৰতৰ ৰাজনীতিৰ সবাতোকৈ পুৰণি দলটোৱে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিব বুলি আশা কৰিছে । দলটোৰ ভিতৰুৱা সূত্ৰ মতে, বিগত কেইমাহমান ধৰি দলটোৱে সামাজিক মাধ্যমত সক্ৰিয়তা বৃদ্ধি কৰিছে আৰু এপ্ৰিল মাহক বাদ দি জানুৱাৰী মাহৰ পৰা টুইটাৰ, ফেচবুক আৰু ইউটিউবত বিজেপিতকৈ আগবাঢ়ি আছে ।
চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া তেলেংগানা, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু মিজোৰামত অনুষ্ঠিত হ'বলগীয়া পাঁচখন ৰাজ্যৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ । কিয়নো এই প্ৰতিদ্বন্দ্বিতাৰ পিছতে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব । এই পাঁচখন ৰাজ্যৰ ভিতৰত কংগ্ৰেছে তিনিখন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ বিৰুদ্ধে প্ৰত্যক্ষ যুঁজত অৱতীৰ্ণ হ'ব । এই তিনিখন ৰাজ্যৰ ভিতৰত বিজেপিয়ে মধ্যপ্ৰদেশত শাসন ক্ষমতাত আছে । আনহাতে, আন দুখন ৰাজ্য বৰ্তমান কংগ্ৰেছৰ দখলত ।
ইনষ্টাগ্ৰামত কংগ্ৰেছ বৰ্তমান বিজেপিৰ সমকক্ষ হৈ আছে । কিন্তু পৰৱৰ্তী সময়ত পাঁচখন ৰাজ্যৰ নিৰ্বাচনত গেৰুৱা দলটোক অতিক্ৰম কৰিব বুলি আশা কৰিছে । অৱশ্যে কংগ্ৰেছৰ বাবে প্ৰকৃত চিন্তা হৈছে হোৱাটছএপ, য'ত দলটোৱে অধিক মনোনিৱেশ কৰি আছে । পৰিকল্পনাৰ অংশ হিচাপে কংগ্ৰেছে বুথ পৰ্যায়ৰ দল গঠন কৰিব, যিয়ে হোৱাটছএপ গ্ৰুপবোৰৰ সঠিক ব্যৱহাৰ কৰিব । আনহাতে, তথ্য আৰু পৰিসংখ্যাৰে বিজেপিক প্ৰতিহত কৰিবলৈ অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰিব । একে সময়তে এই দলবোৰে সংশ্লিষ্ট ৰাজ্যসমূহত কংগ্ৰেছৰ সমাজ কল্যাণৰ গেৰাণ্টিৰ ওপৰত আলোকপাত কৰিব ।