ETV Bharat / bharat

২০২৯ চনৰ ভিতৰত ভাৰতে উৎপাদন আৰম্ভ কৰিব LCA Mark 2 জেট বিমানৰ - LCA Mark2 jets

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:47 PM IST

Advanced Medium Combat Aircraft: ভাৰতে অতিশীঘ্ৰেই থলুৱাভাৱে নিৰ্মাণ কৰিব শক্তিশালী যুঁজাৰু বিমান ৷ ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ৪.৫ প্ৰজন্মৰ প্লাছ LCA Mark 2 যুঁজাৰু বিমানে উৰণ আৰম্ভ কৰিব ৷

Advanced Medium Combat Aircraft
প্ৰতিনিধিত্বমূলক ফটো (DRDO)

নিউজ ডেস্ক, 11 আগষ্ট: থলুৱা যুঁজাৰু বিমান নিৰ্মাণৰ ক্ষেত্ৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে ৷ ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ৪.৫ প্ৰজন্মৰ প্লাছ LCA Mark 2 যুঁজাৰু বিমানে উৰণ আৰম্ভ কৰিব আৰু ২০২৯ চনৰ ভিতৰত ইয়াৰ বহুল উৎপাদন আৰম্ভ হ’ব । ইয়াৰ উপৰিও ভাৰতীয় পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্টৰ বহুল উৎপাদন ২০৩৫ চনৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিৰক্ষা বিষয়াসকলে এএনআইক জনায় ।

কিছুদিন পূৰ্বে ডি আৰ ডি অ’ৰ অধ্যক্ষ ড৹ সমীৰ ভি কামাত আৰু ভাৰতীয় বায়ুসেনাৰ উপ-মুখ্য এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতৰ নেতৃত্বত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত থলুৱা যুদ্ধ বিমান কাৰ্যসূচীৰ সময়সীমাৰ বিষয়ে আলোচনা কৰা হৈছিল ।

ড৹ কামাত আৰু এয়াৰ মাৰ্শ্বাল দীক্ষিতে ডি আৰ ডি অ’ ভৱনত এৰ’নটিকেল ডেভেলপমেণ্ট এজেন্সীৰ LCA Mark 2 ডেভেলপমেণ্ট কাৰ্যসূচীৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ।

প্ৰ’ট’টাইপৰ উৰণ পৰীক্ষণৰ লগতে চিষ্টেম আৰু উপ-চিষ্টেমৰ বিকাশৰ সৈতে জড়িত সকলো ডি আৰ ডি অ’ লেব আৰু ক্লাষ্টাৰৰ সঞ্চালক প্ৰধানে প্ৰথম উৰণৰ যোগ্যতাক বাস্তৱায়িত কৰাৰ দিশত উন্নয়নৰ অৱস্থা, বিপদ আৰু প্ৰশমন পৰিকল্পনাত অংশগ্ৰহণ কৰিছিল আৰু প্ৰট’টাইপ উপস্থাপন কৰিছিল বুলি ডি আৰ ডি অ’ৰ বিষয়াসকলে জনায় ।

বৈঠকৰ সময়ত LCA Mark 2 কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হয় । যদিও এতিয়া এই কাৰ্যসূচীত প্ৰায় এবছৰ পলম হ’ব, তথাপিও ইয়াৰ পূৰ্বে ২০২৫ চনৰ আৰম্ভণিতে প্ৰ’ট’টাইপটো সাজু হোৱাৰ কথা আছিল । অনুমোদিত ধন মুকলি কৰাত পলম হোৱাৰ বাবেই টাইমলাইন পিছুৱাব লগা হৈছে, কিয়নো ই পৰৱৰ্তী থলুৱা যুঁজাৰু বিমানৰ ইঞ্জিনৰ চুক্তি স্বাক্ষৰৰ সৈতে জড়িত আছিল ।

LCA ৰ সকলো বিমান আমেৰিকাৰ জি ই ইঞ্জিনেৰে চালিত হ’ব । LCA Mark 1 আৰু Mark 1 A জিই-৪০৪ ৰ দ্বাৰা চালিত হ’ব যদিও LCA Mark 2 জিই-৪১৪ৰ দ্বাৰা চালিত হ’ব, যিটো ভাৰতত আমেৰিকান প্ৰতিষ্ঠানটোৱে থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰিব ।

চৰকাৰে মিৰাজ ২০০০, জাগুৱাৰ আৰু মিগ-২৯কে ধৰি বাহিনীটোৰ সকলো মূল ভেটিৰ বিমানক LCA Mark 2 ৰে সলনি কৰাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰে ২৫০ খনতকৈও অধিক বিমানে অহা ১০-১৫ বছৰত সেৱাত যোগদান কৰিব ।

ইয়াৰ মাজতে ভাৰতীয় বায়ুসেনাই LCA Mark 1A বিমানৰ ১৮০খন বিমানৰ অৰ্ডাৰ দিছে । ২০৩২ চনৰ ভিতৰত LCA Mark 1Aৰ উৎপাদন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি বিষয়াসকলে জনায় ।

তেজস Mark 2ৰ খিলঞ্জীয়াকৰণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব, ইয়াৰ মূল চেন্সৰ হ’ব উত্তম ৰাডাৰ । ৰাছিয়াৰ মূলৰ ছু-৩০ এমকেআই যুঁজাৰু বিমানৰ বাবেও উন্নীতকৰণ কাৰ্যসূচীৰ অধীনত থলুৱা AESA ৰাডাৰ প্ৰস্তুত কৰা হৈছে ।

শেহতীয়াকৈ নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে AMCA বিমানখনৰ ডিজাইন আৰু উন্নয়নৰ অনুমতি প্ৰদান কৰিছে । Mark 2 বিমানত এষ্ট্ৰা এয়াৰ টু এয়াৰ মিছাইল আৰু স্মাৰ্ট এণ্টি এয়াৰফিল্ড ৱেপনছৰ দৰে থলুৱা অস্ত্ৰও সজ্জিত কৰা হ’ব । ডি আৰ ডি অ’ আৰু ভাৰতীয় বায়ুসেনায়ো যুক্তিসংগত মূল্যত উন্নত ক্ষমতাৰে সজ্জিত Mark 2 ৰ ৰপ্তানি অৰ্ডাৰ বিচাৰিব ।

লগতে পঢ়ক: স্বদেশী MPATGM অস্ত্ৰ প্ৰণালীৰ সফল ক্ষেত্ৰ পৰীক্ষণ - MPATGM weapon system

ফ্লাইং উইং টেকনলজী ডেমনষ্ট্ৰেচনৰ সফল উৰণ পৰীক্ষণ ডিআৰডিঅ'ৰ

ডিআৰডিঅ'ৰ এলবিআৰজি প্ৰণালীয়ে ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যক নতুন দিশ প্ৰদান কৰিব পাৰে - laser beam riding guidance

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.