ETV Bharat / health

বাৰিষাৰ বতৰত হোৱা জ্বৰক আওকাণ কৰা ভুল নকৰিব ! - Frequent Fever During Monsoon

author img

By ETV Bharat Health Team

Published : Aug 10, 2024, 10:41 AM IST

Frequent Fever During Monsoon : আপুনি লক্ষ্য কৰিছেনে যে বাৰিষাকাল পৰাৰ লগে লগে আমি বিভিন্ন ৰোগত আক্ৰান্ত হওঁ ৷ বিশেষকৈ জ্বৰত আমি প্ৰায়েই ভুগিবলগীয়া হয় ৷ ইয়াৰ প্ৰকৃত কাৰণ কি জানেনে ?

These are the reasons behind frequent fever during the rainy season
বাৰিষাৰ বতৰত হোৱা জ্বৰক আওকাণ কৰা ভুল নকৰিব! (FREEPIK)

বাৰিষাৰ বতৰত আমি প্ৰায়ে জ্বৰ, চৰ্দি, কাহ আদি ৰোগত অধিক আক্ৰান্ত হওঁ ৷ এই ঋতুত ভাইৰেল সংক্ৰমণ খুব বেছি হোৱা দেখা যায় ৷ এই সংক্ৰমণে শিশু তথা প্ৰাপ্তবয়স্ক সকলোকে প্ৰভাৱিত কৰে ৷ সেয়েহে, এই সময়ছোৱাত শৰীৰৰ যত্ন বিশেষভাৱে লোৱাটো খুবেই দৰকাৰ অন্যথা বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ বেছি সময় নালাগে ৷

বিশেষকৈ বাৰিষাৰ বতৰত জ্বৰত আক্ৰান্ত হোৱাৰ কিছুমান মুখ্য কাৰণ আছে ৷ যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী হৈ পৰে ৷

ভাইৰেল সংক্ৰমণ

বাৰিষাৰ বতৰত ডেংগুকে ধৰি বহুতো ভাইৰেল সংক্ৰমণ হয় ৷ এই সংক্ৰমণৰ ফলত হঠাতে জ্বৰ হ'ব পাৰে ৷ এই জ্বৰৰ ফলত মূৰৰ বিষ, ভাগৰ, গাঁঠিৰ বিষ আদিৰ দৰে লক্ষণে দেখা দিব পাৰে ৷ সেয়েহে, এনে লক্ষণে শৰীৰত দেখা দিলে সাৱধান হ’ব ৷

বেক্টেৰিয়াৰ সংক্ৰমণ

কিছুমান বেক্টেৰিয়াৰ সংক্ৰমণ বাৰিষাৰ বতৰত হয় ৷ যেনে টাইফইড, বেক্টেৰিয়াজনিত নিউমোনিয়া ইত্যাদি ৷ এই সংক্ৰমণবোৰৰ সৈতে প্ৰায়ে জ্বৰ লগতে শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু পেটৰ বিষ হ'ব পাৰে ৷

লেতেৰা পানী

বাৰিষাকালত লেতেৰা পানীৰ বাবেও সংক্ৰমণ হ'ব পাৰে ৷ এই সংক্ৰমণৰ ফলতো জ্বৰ হয় ৷

এলাৰ্জী

এই সময়ছোৱাত কিছুমান লোকৰ এলাৰ্জীৰ সমস্যা হয় ৷ ইয়াৰ ফলতো জ্বৰ উঠিব পাৰে ৷

সেমেকা বতৰ

বৰষুণৰ সেমেকা বতৰৰ ফলতো জ্বৰ হয় ৷ বিশেষকৈ যিসকলৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা আছে বা সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে ৷ বহু গুৰুতৰ ৰোগৰ লক্ষণ যিহেতু জ্বৰ ৷ সেয়েহে জ্বৰ হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী ৷ চিকিৎসকে আপোনাৰ লক্ষণবোৰ মূল্যায়ন কৰিব আৰু উপযুক্ত চিকিৎসাৰ পৰামৰ্শ দিব ৷

লগতে পঢ়ক: বাৰিষাকালত বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলৈ খাওক এই পানীয় - Immunity Boosting Drinks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.