ETV Bharat / bharat

পঞ্জাৱ মেইলত অগ্নিকাণ্ডৰ উৰাবাতৰি, ৫০ কিলোমিটাৰ বেগত চলা ৰে’লৰ পৰা জপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা যাত্ৰীৰ - Shahjahanpur punjab mail accident

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 10:47 PM IST

Passengers jump off moving train: উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ পঞ্জাব মেইলত দেওবাৰে পুৱা অগ্নিকাণ্ডৰ উৰাবাতৰি বিয়পি পৰে । ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । বহু যাত্ৰীয়ে চলন্ত ৰে’লৰ পৰা নদীত জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে ষ এই ঘটনাত কেইবাজনো যাত্ৰী আহত হয় । ইয়াৰে ৭ জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ।

Passengers jump off moving train
পঞ্জাৱ মেইলত অগ্নিকাণ্ডৰ উৰাবাতৰি (Etv Bharat)

নিউজ ডেস্ক, ১১ আগষ্ট: উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ পঞ্জাৱ মেইল ​​এক্সপ্ৰেছত অগ্নিনিৰ্বাপক যন্ত্ৰৰ পৰা ওলোৱা ধোঁৱাৰ বাবে জুই লাগিছিল বুলি দেওবাৰে পুৱা উৰাবাতৰি বিয়পি পৰে । ইয়াৰ বাবেই বাৰে’লী আৰু কাটৰা ৰে’ল ষ্টেচনৰ মাজত দবাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । যাত্ৰীসকলে ইফালপ পৰা সিফাললৈ দৌৰিবলৈ ধৰে । এই ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখন ঘণ্টাত প্ৰায় ৫০ কিলোমিটাৰ বেগত চলি আছিল । আতংকিত হৈ বহু যাত্ৰী বাহগুল নদীৰ দলঙৰ পৰা ৩০ ফুট তললৈ জপিয়ায় । যাৰ ফলত প্ৰায় ২০ জন লোক আহত হয় আৰু ইয়াৰে ৭ জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ।

পঞ্জাৱ মেইলখন ​পুৱা বাৰে’লী ষ্টেচন হৈ শ্বাহজাহানপুৰলৈ ৰাওনা হৈছিল । ইয়াৰ মাজতে পুৱা প্ৰায় ৮.৩০ বজাত কোনো দুষ্ট চক্ৰই জেনেৰে’ল দবাৰ অগ্নিনিৰ্বাপক যন্ত্ৰটো অন কৰি দিয়ে । যাৰবাবে যাত্ৰীসকলৰ মাজত দবাৰ ভিতৰত জুই লগাৰ উৰাবাতৰি বিয়পি পৰে আৰু যাত্ৰীসকল আতংকিত হৈ পৰে । এই সময়ছোৱাত ৰে’লখন বাহগুল নদীৰ দলঙৰ মাজেৰে পাৰ হৈ আছিল ।

ৰে’লখন ঘণ্টাত প্ৰায় ৫০ কিলোমিটাৰ বেগেৰে চলি আছিল । বহু যাত্ৰীয়ে চিঞৰিবলৈ ধৰে । বহু যাত্ৰী বাহগুল নদীৰ দলঙৰ পৰা ৩০ ফুট তললৈ জপিয়ায় । তথ্য পোৱাৰ লগে লগে চালকে ৰে’লখন ৰখাই দিয়ে । ইয়াৰ পিছত চকীদাৰৰ সৈতে চালকজনে তদন্ত কৰে । কিন্তু তেওঁলোকে কোনো ধৰণৰ তথ্য লাভ কৰাত ব্যৰ্থ হয় । আহত যাত্ৰীসকলক পুনৰ ৰে’লত উঠাই ৰে’লখনত সকলোকে শ্বাহজাহানপুৰ ৰে’ল ষ্টেচনলৈ লৈ যোৱা হয় । শ্বাহজাহানপুৰ ৰে’ল ষ্টেচনত আৰ পি এফে আহতসকলক এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

শ্বাহজাহানপুৰ ষ্টেচনৰ অধীক্ষক পি এছ টোমাৰে জনোৱা মতে, হাওৰা-অমৃতসৰ-পঞ্জাৱ মেইল ​​এক্সপ্ৰেছ ডাউনৰ (১৩০০৬) যাত্ৰা বৰে’লীৰ পৰা আৰম্ভ হৈছিল । জুইৰ উৰাবাতৰি লাভ কৰাৰ পাচত বহু যাত্ৰীয়ে ৰে’লখনৰ পৰা জপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা কৰিছিল । তেওঁলোকক পুনৰ ৰে’লত উঠাই শ্বাহজাহানপুৰ ৰে’ল ষ্টেচনলৈ অনা হয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহত আটাইকেইজনক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ।

লগতে পঢ়ক: মৃত ঘোষণা কৰা ৰে’লৰ সহকাৰী চালকক হাস্পতালৰ বিচনাত আৱিস্কাৰ - KANCHENJUNGHA EXPRESS ACCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.