দিনটোৰ আৰম্ভণি আমি সদায় এগিলাচ পানীৰে কৰাটো এটা অতি ভাল অভ্যাস ৷ কিন্তু আপুনি জানেনে এনে কৰাটো আমাৰ স্বাস্থ্যৰ বাবে কিমান লাভদায়ক ? তেন্তে পলম নকৰি জানো আহক পুৱা সাৰ পোৱাৰ পিছত পানী খালে আমাৰ শৰীৰে কেনেধৰণৰ উপকাৰিতা লাভ কৰে তথা পুৱা আমি কিমান পৰিমাণে পানী খোৱা উচিত-
পুৱা কিয় পানী খাব লাগে ?
পাচনতন্ত্ৰ উন্নত কৰে- পুৱা খালী পেটত পানী খালে পাচনতন্ত্ৰ সক্ৰিয় হয় আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পাব পাৰি ৷
শৰীৰে শক্তি লাভ কৰে- পুৱা পানী খালে শৰীৰটো হাইড্ৰেটেড হৈ থাকে আৰু গোটেই দিনটো আপুনি শক্তিশালী অনুভৱ কৰে ৷
ছালৰ বাবে উপকাৰী- পানীয়ে ছালখনক হাইড্ৰেটেড কৰি ৰাখে আৰু ইয়াক গ্লোয়িং কৰি তোলে ৷
ওজন কমাবলৈ সহায়ক- পানী খোৱাৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ওজন কমাবলৈ সহায় কৰে ৷
বৃক্ক সুস্থ কৰি ৰাখে- পানীয়ে বৃক্ক বিষমুক্ত কৰাত সহায় কৰে ৷
কিমান পানী খাব লাগে ?
পুৱা সাৰ পোৱাৰ পিছত কিমান পানী খাব লাগে সেয়া ব্যক্তিভেদে আৰু ঋতু অনুসৰি বেলেগ বেলেগ হয় ৷ সাধাৰণতে পুৱা টোপনিৰ পৰা উঠাৰ পিছত কমেও ২-৩ গিলাচ পানী খাব পাৰে ৷ যদি আপুনি আৰম্ভণিতে ইমান পৰিমাণে পানী খাব নোৱাৰে তেন্তে এক গিলাচৰ পৰা আৰম্ভ কৰক আৰু লাহে লাহে ইয়াৰ পৰিমাণ বৃদ্ধি কৰক ৷
কুহুমীয়া নে ঠাণ্ডা পানী ?
পুৱা কুহুমীয়া বা ঠাণ্ডা পানী খাব পাৰে ৷ কুহুমীয়া পানীয়ে পাচনতন্ত্ৰ শান্ত কৰে আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে ৷ একে সময়তে ঠাণ্ডা পানীয়ে শৰীৰক সতেজ অনুভৱ কৰায় ৷
পুৱা পানী খোৱাৰ অন্যান্য উপকাৰিতা
মাংসপেশীৰ বিষ কম কৰে- ব্যায়ামৰ পিছত পানী খালে পেশীৰ বিষ কম হয় ৷
মূৰৰ বিষৰ পৰা সকাহ– পানী খালে ডিহাইড্ৰেচনৰ ফলত হোৱা মূৰৰ বিষৰ পৰা সকাহ পাব পাৰি ৷
মেজাজ উন্নত কৰে– ডিহাইড্ৰেচনে মেজাজত প্ৰভাৱ পেলাব পাৰে ৷ সেয়ে সঠিক পৰিমাণে পানী খালে মেজাজ উন্নত হয় ৷