ETV Bharat / state

সৰুপথাৰত বান: বিদ্য়ালয়ত আশ্ৰয় শিবিৰৰ মাজতেই চলিছে পাঠদান - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 10:58 PM IST

Doyang Hydro Electric Project : সৰুপথাৰত অপৰিৱৰ্তিত বান পৰিস্থিতি । দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ চাৰিখনকৈ গেট খুলি দিয়াৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে বানৰ । সৰুপথাৰ সমষ্টিৰ শ শ পৰিয়াল আৱদ্ধ হৈ পৰিছে বানত ।

Doyang Hydro Electric Project
সৰুপথাৰত অপৰিৱৰ্তিত বান পৰিস্থিতি (ETV Bharat Assam)

সৰুপথাৰ,১১ আগষ্ট: নীপকো জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীৰ কৱলত সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চল । উল্লেখ্য যে দৈয়াং জলবিদ্যুৎ প্রকল্পৰ চাৰিখনকৈ গেট খুলি দিয়াৰ ফলতে দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি হৈ জলমগ্ন কৰিছে নৈপৰীয়া অঞ্চলসমূহ । ক'ত যাব, কি কৰিব বন্য়াৰ্তই ? ইফালে, সমগ্র অঞ্চলটোতে বহু হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন হৈছে । বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ উপৰি পশুধনকলৈও সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ । বিদ্য়ালয়ত আশ্ৰয় শিবিৰৰ মাজতেই চলিছে পাঠদান ।

খেতিৰ ফচল নষ্ট হোৱাক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে । কচু, তামোল-পাণকে ধৰি বহু খেতিপথাৰ পলসে বিনষ্ট কৰিছে । ধনশিৰি মহকুমাটোত কেৱল মাত্ৰ বৰবালি এমই স্কুলত আশ্ৰয় শিবিৰ দিয়া হৈছে যদিও পাঠদানৰ সময়ত ছাত্ৰ-ছাত্ৰী আহিলে অসুবিধা হয় বানাক্ৰান্তৰ । ক'ত যাব কি কৰিব ?

বানপীড়িতক সহায়ৰ হাত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ :

ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মহানুভৱতা । বান শিবিৰত থকা ১০০ গৰাকী লোকক দেওবাৰে এসাঁজ আহাৰৰ যোগান ধৰে সংগঠনটোৱে । উল্লেখ্য যে নীপকোৱে হঠাতে পানী এৰি দিয়াৰ ফলত ধনশিৰি মহকুমাৰ বৰবালি বচাপথাৰ আদিকে ধৰি বিভিন্ন অঞ্চল প্লাবিত হয় । বিপদত পৰে বহু কেইটা পৰিয়াল । বচাপথাৰ অঞ্চলত বিলগাও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই বহুকেইটা পৰিয়ালক সাহায্য দি কিছু সকাহ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:বিপৰ্যস্ত জনজীৱন : গোলাঘাট জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি - Assam Flood 2024

জলমগ্ন গোলাঘাটৰ বহু অঞ্চলঃ

সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি, টেঙানীৰ নৈ কাষৰীয়া অঞ্চল, গেলাবিল, উৰিয়ামঘাটৰ বহু অঞ্চলৰ লোক এতিয়া নীপকো সৃষ্ট বানৰ কৱলত পৰিছে । ধনশিৰি মহকুমাত দৈয়াং আৰু ধনশিৰি নৈৰ বাঢ়নী পানত বহু অঞ্চলৰ লোকৰ ঘৰ এতিয়া জলমগ্ন । বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ পৰিৱেশ হৈছে । মহকুমাটোৰ কৃষিভূমি নষ্ট হোৱাকলৈ চিন্তিত কৃষক। বৃহস্পতিবাৰৰ পৰাই বাঢ়িছে পানী ।

গোলাঘাটত জলপ্ৰলয়ৰ সম্ভাৱনা: এৰি দিয়া হৈছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী - Doyang Hydro Electric Project

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.