ETV Bharat / entertainment

১৭ টকা পাইছিল জুবিন গাৰ্গে, ভৰ দুপৰীয়া গান গাই শুনিছিল গালি : বন্ধুৰ মুখত জুবিন গাৰ্গৰ স্মৃতি - Zubeen Garg

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 10:02 PM IST

Zubeen Garg before Anamika album : আজিৰ জুবিন গাৰ্গজন হোৱাৰ পূৰ্বে কোন কোন বন্ধু আছিল জুবিন গাৰ্গৰ ? কেনে আছিল যোৰহাটত কী-ব’ৰ্ড বজাই ঘূৰি ফুৰা জুবিন গাৰ্গজন ? গান গোৱাৰ বাবেও গালি শুনিছিল হাৰ্টথ্ৰৱে ৷ বহু কাহিনী ক’লে জুবিন গাৰ্গৰ নলে-গলে লগা বন্ধুৱে ৷

Zubeen Garg before Anamika album
বন্ধুৰ মুখত জুবিন গাৰ্গৰ কথা (ETV Bharat Assam)

যোৰহাট, 11 আগষ্ট : কেঁকোৰা দীঘল চুলিৰ যুৱজনক জুবিন গাৰ্গ হিচাবে অসমবাসীৰ হাৰ্টথ্ৰব হ’ল 1992ত ‘অনামিকা’ই মুক্তিলাভ কৰাৰ পিচতে ৷ কিন্তু সেই সময়ৰ পূৰ্বে জুবিন গাৰ্গ কিদৰে আছিল, জুবিন গাৰ্গে কি কৰি আছিল সেইসমূহ কথা সম্প্ৰতি বহুতেই জানে যদিও জুবিন গাৰ্গৰ সেই কলেজীয়া দিনৰ বন্ধুমহলে কঢ়িয়াই লৈ ফুৰিছে শিল্পীগৰাকীৰ সৈতে থকা বহু মধুৰ স্মৃতি ৷

‘ৰিঙা ৰিঙা মন’, ‘উৰণীয়া মন’ আদি জুবিন গাৰ্গৰ কণ্ঠৰ গীতসমূহ হয়তো আপুনি কোনোদিনেই পাহৰিব নোৱাৰিব ৷ সেই ‘মন’ ছিৰিজৰ স্ৰষ্টা প্ৰসেনজিৎ লাহনৰো আছে প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ সৈতে বহু মধুৰ স্মৃতি ৷ সংগীত শিল্পী প্ৰসেনজিৎ লাহনে ই টিভি ভাৰতৰ সন্মুখত ৰোমন্থন কৰিলে জুবিন গাৰ্গৰ সৈতে থকা বহু স্মৃতি ৷

প্ৰসেনজিৎ লাহনে কয়, ‘‘বন্ধু জুবিন আৰু মই জেবি কলেজত পঢ়িছিলোঁ ৷ ’91, ’92 আৰু ’93 চনত আমি একেলগে আছিলো জেবি কলেজত ৷ সেই সময়ত মই জেবি কলেজৰ বেষ্ট ছিংগাৰ আছিলোঁ ৷ বাদ্যযন্ত্ৰী শিল্পী হিচাবে তেওঁ বহু শিল্পীৰ সৈতে বাদ্য সংগত কৰিছিল, ময়ো কৰিছিলোঁ ৷ জুবিন গাৰ্গে কী-ব’ৰ্ড বজায় আৰু মই গীটাৰ বজাইছিলোঁ ৷ বি বৰুৱা কলেজত এডমিশ্যন লোৱাৰ পিচতে তেওঁৰ অনামিকা কেছেটখন ৰিলিজ হয় ৷ 1994ত মোৰ প্ৰথম এলাবাম অঞ্জলি ওলাইছিল ৷’’

তেওঁ কয়, ‘‘জুবিন গাৰ্গৰ লগত বন্ধুত্ব আজিও আছে ৷ ‘মন’ ছিৰিজত জুবিন গাৰ্গে মোৰ প্ৰায় 20-22 টা গান গাইছে ৷ মন ছিৰিজ বন্ধ হৈ যোৱাৰ পিচত বৰ্ণালী কলিতাৰ সৈতে ‘হিৰাদৈ’ নামেৰে এটা ছিৰিজ কৰিছিলোঁ ৷ আটাইকেইটা গীতেই জনপ্ৰিয় হৈছে ৷ জুবিন আৰু প্ৰিয়ংকা ভৰালীয়ে গাইছিল ‘ৰহেদৈ’ ৷ ভাল লাগে যে আজি জুবিন গাৰ্গ এজন বিশ্ববৰেণ্য শিল্পী হ’ল ৷ তথাপি আজিলৈকে আমাৰ বন্ধুত্ব কমি যোৱা নাই ৷ সদায় আছে আৰু সদায় থাকিব ৷’’

আনহাতে জুবিন গাৰ্গৰ সাংগীতিক জীৱনৰ প্ৰাৰম্ভিকৰ অন্যতম সহযোগী আছিল সংগীতশিল্পী মানসজ্যোতি বৰা(বুবু) ৷ তদুপৰি তেওঁ জুবিন গাৰ্গৰ বাল্যকালৰ বন্ধু ৷ শিল্পীগৰাকীয়েও ক’লে জুবিন গাৰ্গৰ লগত তেওঁৰ সম্পৰ্কৰ বিষয়ে ৷

মানসজ্যোতি বৰাই কয়, ‘‘জুবিন মোৰ বাল্যকালৰ বন্ধু ৷ সি আৰু মই একলগে কী-ব’ৰ্ড বজাইছিলোঁ ৷ বিশেষকৈ জেবি কলেজ, যোৰহাটৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হোৱা প্ৰতিযোগিতাবিলাকত আমি দুয়োটাই হাৰমনিয়াম বজাইছিলোঁ ৷ হাৰমনিয়াম বজাই ঘূৰি ফুৰাৰ পিচতে আমি কী-ব’ৰ্ড বজাবলৈ ল’লোঁ ৷ সেই পুৰণি কথাবোৰ মনত পৰে ৷’’

তেওঁ কয়, ‘‘ যোৰহাটৰ এফ এম ৰেডিঅ’ চেন্টাৰটো আৰম্ভ হওঁতে প্ৰথমে জুবিনক তিনিটা গান গাবলৈ মাতিলে ৷ সেই তিনিটা গান সি গাইছিল আৰু মই কী-ব’ৰ্ড বজাইছিলোঁ ৷ কলেজ ছুটি হোৱাৰ পিচত মই ঘৰলৈ আহোঁ আৰু অলপ পিচতে সিয়ো মোৰ ঘৰলৈ আহে ৷ ভৰ দুপৰীয়া চিঞৰি চিঞৰি গান গাইছিল সি ৷ ছাউথ ইণ্ডিয়ান গানবিলাক সি বহুত ফ’ল’ কৰিছিল তেতিয়া ৷ চিঞৰি চিঞৰি গান গাই থাকোতে মোৰ মায়ে গালিও পাৰিছিল- ভৰ দুপৰীয়াখন তহঁতে কি বেবাই আছ বুলি ৷ কলেজলৈ বুলি ওলাই অহাৰ পিচত ৰাতিহে ঘৰত সোমাইগৈ ৷’’

জুবিন গাৰ্গৰ মানৱীয় গুণৰ প্ৰসংগত মানসজ্যোতি বৰাই কয়, ‘‘ সি বহুত কোমল অন্তৰৰ মানুহ ৷ মানুহৰ মৰম কৰিব জানে সি ৷ কাকো নাপাহৰে ৷ আজি চিনাকি হোৱাজনক 10 বছৰৰ পিচতো নামকাঢ়িয়ে মাতিব ৷’’ তেওঁ কয়, ‘‘এবাৰ মোৰ এটা অনুষ্ঠান আছিল ৷ মোৰ কী-ব’ৰ্ডখন সৰু আছিল, কিন্তু তাৰ কী-ব’ৰ্ডখন ডাঙৰ আছিল ৷ গোৱালপাৰাত থকা মোৰ অনুষ্ঠানটোৰ বাবে জুবিন ক’লোঁ যে মই তোমাৰ কী-ব’ৰ্ডখন লৈ যাম ৷ পিচদিনা ৰাতিপুৱাই মই চাইকেলখন লৈ জুবিনৰ ঘৰ পালোগৈ ৷ যথেষ্ট ঠাণ্ডাৰ দিন আছিল ৷ গৈ জুবিনৰ ঘৰৰ কলিং বেল বজোৱাৰ লগে লগে জুবিনে মোক ভিতৰলৈ মাতিলে ৷ গৈ দেখিলো যে মই লৈ যাবলগীয়া কী-ব’ৰ্ডখন বজাই জুবিনে চিঞৰি চিঞৰি গান গাই আছে ৷ সেই ঠাণ্ডাতো গাত লেপ এখন লৈ পুৱাই সি গান গাই আছিল ৷’’

আনহাতে জুবিন গাৰ্গৰ আন এজন পুৰণি বন্ধু অলক বৰঠাকুৰে কয়, ‘‘ জুবিনৰ লগত মোৰ 35 বছৰৰ পূৰ্বৰে পৰা সম্পৰ্ক ৷ আমি এটা গ্ৰুপ একেলগে আছিলোঁ, যদিও মই জে বি কলেজত পঢ়া নাছিলোঁ ৷ এবাৰ ডি চি বি কলেজৰ কলেজ উইকৰ প্ৰ’গ্ৰাম কৰিবলৈ গৈছিলোঁ ৷ জুবিনে সেই অনুষ্ঠানটোত 17 টকা পাইছিলো ৷ সেই 17 টকা ভাগ কৰিছিলো ৷ যোৰহাটৰ বন্ধুখিনিৰ প্ৰতি তাৰ আৱেগ আছে ৷ জুবিনৰ নতুন বন্ধু কিছুমান আহিছে, কিন্তু তাৰ অতীজৰ প্ৰকৃত বন্ধু আমি আছিলোঁ ৷’’

লগতে পঢ়ক : মুক্তিৰ বাবে সাজু জুবিন গাৰ্গৰ চিকাৰ

ইউনিফৰ্মৰ তাগিদাই বান্ধিব পাৰে জানো মন ! নিলম্বিত মিলি প্ৰভা সন্দৰ্ভত জুবিন গাৰ্গৰ ডাঙৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.