গুৱাহাটী : ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষী প্ৰশাসনত ব্যাপক সাল-সলনি কৰিছে ৷ সোমবাৰে গৃহ বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ।
গৃহ বিভাগৰ জাননী অনুসৰি, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক তেওঁৰ পূৰ্বৰ পদৰ পৰা বদলি কৰা হৈছে । দিগন্ত বৰাৰ ঠাইত পাৰ্থ সাৰথি মহন্তক মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে নতুনকৈ নিযুক্তি দিয়া হৈছে ৷ আনহাতে, STFE IGP পদৰো অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে পাৰ্থ সাৰথি মহন্তক ৷
ইফালে বৰ্তমানৰ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক স্পেচিয়েল ব্ৰাঞ্চ (SB)ৰ আই জি পি (IGP) পদলৈ বদলি কৰা হৈছে ৷ ইয়াৰ উপৰি দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীৰ সঞ্চালকৰো অতিৰিক্ত দায়িত্বত থাকিব দিগন্ত বৰা ৷
আনহাতে, স্পেচিয়েল ব্ৰাঞ্চ (SB)ৰ আই জি পি (IGP) লাচিত বৰুৱাক তেওঁৰ পূৰ্বৰ দায়িত্বৰ পৰা বদলি কৰা হৈছে ৷ ইয়াৰ পৰিৱৰ্তে লাচিত বৰুৱাক প্ৰদান কৰা হৈছে এ পি এইচ চি এল (APHCL)ৰ পৰিচালন সঞ্চালকৰ দায়িত্ব ৷
ইয়াৰ উপৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ আই জি পি (IGP) প্রশান্ত কুমাৰ ভূঞাকো তেওঁৰ পূৰ্বৰ পদৰ পৰা বদলি কৰা হৈছে ৷ প্রশান্ত কুমাৰ ভূঞাক আই জি পি প্ৰশাসন (IGP, Administration) পদলৈ বদলি কৰা হৈছে ।
আন এক সাল-সলনিত বৰ্তমানৰ আই জি পি (IGP, MPC) বিবেকৰাজ সিঙকো নিজৰ পদবীৰ পৰা বদলি কৰা হৈছে ৷ বিবেকৰাজ সিঙক IGP (T&AP) পদলৈ বদলি কৰা হৈছে ৷ লগতে বিবেকৰাজ সিঙক BTADE IGP পদৰো অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে ৷
আনহাতে, IGP (T&AP) অখিলেশ কুমাৰ সিঙক নিজৰ পদবীৰ পৰা বদলি কৰি আই জি পি আইন-শৃংখলা (IGP Law & Order) পদবীলৈ বদলি কৰা হৈছে । ইয়াৰ উপৰি অখিলেশ কুমাৰ সিঙক আই জি পি যোগাযোগৰ (IGP, Communication) অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ।
উল্লেখ্য যে ৰাজ্যিক আৰক্ষী প্ৰশাসনত সময়ে সময়ে পদবীৰ সাল-সলন ঘটাই আহিছে গৃহ বিভাগে । সেই অনুসৰি সোমবাৰে পুনৰ আৰক্ষী প্ৰশাসনত এই সাল-সলনি ঘটোৱা হয় ।