ETV Bharat / state

আচৰিত নহ'ব ! অসমৰে এখন ঠাই এতিয়া পৰিণত হৈছে দেশৰ দ্বিতীয় জামতাৰাত - MORIGAON ASP ON CYBER CRIME

চাইবাৰ অপৰাধৰ ৰাজধানী দ্বিতীয় জামতাৰাত পৰিণত হোৱা ঠাইখনৰ পৰা এবছৰত ২২৬ জনক গ্ৰেপ্তাৰ । ৫০-৬০ কোটি টকাৰ প্ৰৱঞ্চনা ।

Morigaon ASP on Cyber crime
মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা ধৃত চাইবাৰ অপৰাধী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2024, 10:39 PM IST

গুৱাহাটী : দেশৰ চাইবাৰ প্ৰৱঞ্চনাৰ ৰাজধানী হিচাপে ব্যাপক চৰ্চিত হৈ অহা ঝাৰখণ্ডৰ জামতাৰাৰ কথা আপুনি নিশ্চয় শুনিছে । জামতাৰাৰ দৰেই চাইবাৰ প্ৰৱঞ্চনাৰ ঘাটি হিচাপে চিহ্নিত হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসমৰ এখন বিশেষ ঠাই । য’ত বিদায়ী ২০২৪ বৰ্ষটোকে ধৰি বিগত ডেৰ বছৰত আৰক্ষীৰ জালত পৰিছে মুঠ ২২৬ টা চাইবাৰ অপৰাধী ৷

এক কথাত যেন দ্বিতীয় জামতাৰাৰে চাইবাৰ প্ৰৱঞ্চনাৰ প্ৰতিদ্বন্দ্বিতা হৈছে অসমৰ এইখন বিশেষ ঠাইৰ । এয়া আমাৰ তথ্য নহয় । অসম আৰক্ষীৰ তথ্যই কোৱা কথা এয়া । ঠাইখনৰ নাম হৈছে মৰিগাঁও। গুৱাহাটীৰ পৰা ৭৭ কিলোমিটাৰ দূৰৈত অৱস্থিত মৰিগাঁও জিলাৰ সদৰ ঠাই এই মৰিগাঁও । এই মৰিগাঁৱৰ ভিতৰুৱা অঞ্চলত এতিয়া চাইবাৰ অপৰাধীৰ বৃহৎ চক্ৰ আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে ।

নৈৰ মাজৰ চৰ আৰু ভিতৰুৱা তেনেই সাধাৰণ যেন লগা ঠাই কিছুমানৰ পৰা যে কোটি কোটি টকাৰ চাইবাৰ প্ৰৱঞ্চনা হৈ আহিছে সেয়া আপোনাৰ কল্পনাৰো অগোচৰ হ’ব । অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে গঠন কৰি দিয়া এচ টি এফে (STF) জিলাখনত চলোৱা অভিযান আৰু ফলাফলে আপোনাক আচৰিত কৰি তুলিব ৷ এই চাইবাৰ অপৰাধৰ বিৰুদ্ধে বিশেষ ভূমিকা পালন কৰি আহিছে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ই । সমীৰণ বৈশ্যই সোমবাৰে ইটিভি ভাৰতক জনায় বছৰটোত মৰিগাঁৱত আৰক্ষীয়ে লাভ কৰা সফলতা আৰু ইয়াৰ আঁৰৰ কিছু কথা ।

মৰিগাঁৱত চাইবাৰ অপৰাধ সন্দৰ্ভত আৰক্ষী বিষয়াৰ তথ্য প্ৰকাশ (ETV Bharat Assam)

আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জনায়, “আজিৰ পৰা যোৱা ডেৰটা বছৰত মৰিগাঁও আৰক্ষীয়ে মুঠ ২২৬ গৰাকী চাইবাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰিব সক্ষম হৈছো । বছৰটোত আমি মুঠ ৭,৭১৮ খন ছিম কাৰ্ড, ১,১০৪ খন এ টি এম, ২১৭ খন ভুৱা পান কাৰ্ড, ২৪৭ খন ভু্ৱা আধাৰ কাৰ্ড, ১৭৪ টা মোবাইল ফোন, ১৬ টা লেপটপ, ৪৪৮ খন চেকবুক জব্দ কৰিবলৈ সক্ষম হৈছোঁ । মুঠ গোচৰ ৰুজু হৈছে ৩৬ টা ।”

চাইবাৰ অপৰাধৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে ৰুজু হোৱা ৫০ শতাংশ গোচৰত চাৰ্জ শ্বীট দিবলৈ সক্ষম হৈছে । আনহাতে, প্ৰায় এক কোটিৰ অধিক টকা চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱা লোকক আইনী ব্যৱস্থাৰে ঘূৰাই দিবলৈ অসম আৰক্ষী সক্ষম হৈছে ।

Cyber crime
চাইবাৰ অপৰাধৰ তথ্য (ATV Bharat Assam)

আৰক্ষীৰ এটা অভিযানৰ উদাহৰণ

১৮ ছেপ্টেম্বৰ, ২০২৪ ৰ এটা অভিযানৰ কথা ৷ ধাৰাবাহিকভাৱে চাইবাৰ অপৰাধ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই অহা মৰিগাঁও আৰক্ষীয়ে সেইদিনা নিশা জিলাখনৰ বহুকেইটা স্থানত এক বিশেষ অভিযান চলায় । অভিযান চলাই ১০ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । একে সময়তে আৰক্ষীয়ে মৰিগাঁৱৰ মৈৰাবাৰী আৰু লাহৰীঘাটত চলোৱা পৃথক পৃথক অভিযানত চাইবাৰ অপৰাধৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

এই অভিযানৰ নেতৃত্ব লোৱা মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ই ইটিভি ভাৰতক জনায়, "দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছোঁ । তাৰেই অংশ হিচাপে সেইদিনা নিশা মৰিগাঁৱৰ প্ৰায় ১৬ টা স্থানত অভিযান চলোৱা হয় । য'ত আমি ১০ জন লোকক প্ৰথম অৱস্থাত আটক কৰো । আৰু সোধা-পোছাৰ অন্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰো । তাৰ ভিতৰত বেছিসংখ্যকেই এক্সিছ বেংককে ধৰি বিভিন্ন বেংকেৰে জালিয়াতি কৰিছিল । চক্ৰটোৱে ভুৱা তথ্য দি ক্ৰেডিট কাৰ্ড আৰু ঋণৰ নামত ধন হৰলুকি কৰিছিল ।"

১৮ ছেপ্টেম্বৰৰ অভিযান প্ৰসংগত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়, "লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা ৰুকুন উদ্দিন নামৰ অভিযুক্তজনে ভাৰতৰ বেলেগ বেলেগ ৰাজ্যৰ বিভিন্ন ব্যক্তিৰ নামত প্ৰায় ১৪ খন পান কাৰ্ড উলিয়াইছে ৷ আনহাতে, সেই সময়ত হাস্পতালত চিকিৎসাধীন হৈ থকা এহিয়া আহমেদক পূৰ্বতে মহাৰাষ্ট্ৰৰ আৰক্ষীয়েও ধন আত্মসাৎ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।” এক্সিছ বেংকৰ ১০ কোটিৰ জালিয়াতিৰ সৈতেও এই লোকসকল জড়িত আছিল বুলি তেওঁ অৱগত কৰে ।

অতিৰিক্ত আৰক্ষী অধীক্ষক বৈশ্যই জনোৱা অনুসৰি, সেইদিনা ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ২০ টা মোবাইল ফোন, ফিংগাৰ প্ৰিণ্ট মেচিন, নগদ ৪০ হাজাৰ টকা, ডেবিট কাৰ্ড ১৫ খন, পান কাৰ্ড ২৪ খন, ছিম কাৰ্ড ৮০ খন জব্দ কৰে । এয়া চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযানসমূহৰ এক উদাহৰণহে ।

Cyber crime
ধৃত চাইবাৰ অপৰাধী (ETV Bharat Assam)

অধিক সংখ্যক ভুক্তভোগী দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ

মৰিগাঁৱৰ ভিতৰুৱা অঞ্চলৰ পৰা নিয়ন্ত্ৰিত এই চাইবাৰ প্ৰৱঞ্চনাৰ বলি ক’ৰ ক’ৰ লোক হয় ? মৰিগাঁৱৰ কোন অঞ্চলত চাইবাৰ অপৰাধীয়ে পাতিছে ঘাটি ? এই প্ৰসংগত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “মৰিগাঁৱৰ মৈৰাবাৰী আৰু লাহৰীঘাট অঞ্চলত চাইবাৰ প্ৰৱঞ্চকৰ কাৰ্যক্ৰমণিকা বেছি ৷ এই অঞ্চল দুটাৰ ভিতৰুৱা চৰ-চাপৰি অঞ্চলতো আমি অভিযান চলাবলগীয়া হৈছে ৷ আমি কাৰ্যক্ৰমণিকা বন্ধ কৰিবলৈ পূৰ্ণমাত্ৰাই চেষ্টা কৰি আছোঁ । এতিয়ালৈ ৩৬ টা গোচৰ ৰুজু কৰিবলৈ আমি সক্ষম হৈছোঁ । সৰহভাগ ভুক্তভোগী অসমৰ বাহিৰৰ ৰাজ্যৰ । মূলত দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ ভুক্তভোগীৰ সংখ্যা বেছি ।”

কেনেকৈ কৰে এই চাইবাৰ প্ৰৱঞ্চনা ?

অতি কৌশলেৰে ভুৱা পান কাৰ্ড, ভুৱা আধাৰ কাৰ্ড আৰু ছিম কাৰ্ড উলিয়াই চাইবাৰ প্ৰৱঞ্চকসকলে লুট কৰি আহিছে অসমৰ বাহিৰৰ ৰাজ্যৰ লোকক ।

কেনেকৈ চাইবাৰ অপৰাধীসকলে বৃহৎ পৰিমাণৰ ধন লুট কৰে সেই কথা জনাই আৰক্ষী বিষয়াজনে কয়, “দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ সেই ৰাজ্যবোৰৰ বাসিন্দাৰ নাম-পৰিচয় যোগাৰ কৰি তেওঁলোকৰ নামত ভুৱা আধাৰ কাৰ্ড আৰু পান কাৰ্ড বনাই লয় । ভুৱা পান কাৰ্ড আৰু আধাৰ কাৰ্ড তেওঁলোকে বেংকত জমা দিয়ে ৷ এল এণ্ড টি, এক্সিছ বেংক, আদিত্য বিৰলা আদিত জমা দিয়ে ৷ ক্ৰেডিট কাৰ্ডো প্ৰস্তুত কৰে ৷ যিহেতু ক্ৰেডিট কাৰ্ড পাবলৈ নিজৰ আই ডি জমা কৰিব লাগে, এই আই ডিবোৰ অসমৰ নহয় ৷ অসমৰ বাহিৰৰ লোকৰ নামত নিজৰ ফটো লগাই ভুৱা আধাৰ কাৰ্ড বনাই লয় । এইবোৰ জমা কৰি বেংকৰ পৰা ঋণ লৈ পিছত ঘূৰাই নিদিয়ে ৷” মৰিগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াজনৰ তথ্যমতে অঞ্চলটোৰ চাইবাৰ প্ৰৱঞ্চকে এই সময়ছোৱাত ৫০/৬০ কোটি টকা এনে প্ৰৱঞ্চনাৰে লুটিছে ।

আৰু কোন কোন জড়িত চাইবাৰ প্ৰৱঞ্চনাত

চাইবাৰ অপৰাধৰ যোগে ধন লুণ্ঠনত কেৱল প্ৰৱঞ্চকসকলেই জড়িত নে আন কোনো লোক জড়িত? কোনে কোনে সহায় কৰে চাইবাৰ অপৰাধীক ? এই প্ৰসংগত অতিৰিক্ত আৰক্ষী অধীক্ষকজনে জনায়, “আমি অনুসন্ধানত প্ৰমাণ পাইছোঁ যে এই প্ৰৱঞ্চনা প্ৰক্ৰিয়াত আধাৰ কাৰ্ড অপাৰেটৰ, ছিম কাৰ্ড বিতৰক জড়িত হৈ আছে । মুঠ ৭,৭১৮ খন ভুৱা ছিম কাৰ্ড উদ্ধাৰ কৰিছোঁ । এই ছিম কাৰ্ডবোৰ প্ৰতিখনত ৭০০ পৰা ৮০০ টকাকৈ বাহিৰৰ ৰাজ্যত বিক্ৰী হয় ৷ এনে গোচৰত আমি বিহাৰ আৰু ৰাজস্থানৰ পৰাও মানুহ গ্ৰেপ্তাৰ কৰিছো ।”

উল্লেখ্য যে বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চনাৰে লুট কৰা এক কোটিৰ অধিক টকা ভুক্তভোগীক ঘূৰাই দিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী ৷ আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জনায়, “আমি এক কোটিতকৈ অধিক টকা ভুক্তভোগীক আইনী ব্যৱস্থাৰে ঘূৰাই দিবলৈ সক্ষম হৈছোঁ । আনহাতে, নতুন চাইবাৰ অপৰাধ ডিজিটেল এৰেষ্টৰ লগত জড়িত বহু লোক ইয়াৰেই বুলি প্ৰমাণ পোৱা গৈছে । এনে দুই-তিনিটা ঘটনা আমি পাইছোঁ, য’ত ইয়াৰ মানুহো জড়িত হৈছে । ইয়াৰ সৈতে জড়িত বেংক একাউণ্টো আমি জব্দ কৰিছোঁ । মৰিগাঁৱৰ লাহৰীঘাটৰ এজন লোকৰ বেংকৰ এটা একাউণ্ট আমি জব্দ কৰিছোঁ । য’ত আমি ১ কোটি ১৭ লাখ টকা ফ্ৰীজ কৰি তদন্তৰ পিছত য’ৰ পৰা টকাবোৰ আহিছিল আমি আদালতৰ জৰিয়তে ঘুৰাই দিছোঁ ৷ ”

মূল প্ৰত্যাহ্বান

মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া সমীৰণ বৈশ্যৰ মত, “চাইবাৰ ক্ৰাইম নাইকিয়া কৰিবলৈ যাওঁতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’লগীয়া হৈ আহিছে । চাইবাৰ ক্ৰাইমৰ নতুন নতুন ডিজাইন আহি আছে ৷ কিন্তু পূৰ্বতকৈ এনে প্ৰৱঞ্চকৰ কাৰ্যক্ৰমণিকা যথেষ্ট হ্ৰাস হৈছে আমাৰ অঞ্চলত । এনে প্ৰৱঞ্চকৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব ৷”

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ 'অসম মডেল'ৰ প্ৰকৃত স্বৰূপ কি ? তথ্যৰে উদঙালে চি পি আই এমে - CPIM SLAMS ASSAM CM
লগতে পঢ়ক :কৃষি পথাৰৰ কেনেল বন্ধ কৰাক লৈ কৃষক নেতাৰে খণ্ডযুদ্ধত লিপ্ত জলসিঞ্চন বিষয়া - KMSS LEADER ON IRRIGATION CANAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.