হায়দৰাবাদ: নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে সমগ্ৰ বিশ্ব, কাৰণ পুৰণি বছৰটোক বিদায় দি নতুন বৰ্ষটোক আহিবলৈ মাত্ৰ কেইঘণ্টামান বাকী, কিন্তু নৱবৰ্ষ অহাৰ পূৰ্বে 2024 চনৰ 31 ডিচেম্বৰত অৰ্থাৎ বিদায়ী বৰ্ষটোৰক শেষৰ দিনটোত এনে এক অনন্য জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা হয় যিটো অসাধাৰণ । নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ মানুহে আকাশত ক’লা চন্দ্ৰ প্ৰত্যক্ষ কৰে । অৱশ্যে ক’লা চন্দ্ৰ খালী চকুৰে দেখা পোৱা নাযায় । ইয়াৰ সৈতে জড়িত বিভিন্ন দিশ জানো আহক --
বছৰৰ শেষৰ দিনটোত দেখা যাব ‘ব্লেক মুন’
আচলতে এমাহত দুবাৰকৈ অমাৱস্যা হ’লে আকাশত ‘ব্লেক মুন’ দেখা দিয়ে আৰু এইটো অতি কমেইহে হয় । এই বিৰল পৰিঘটনাৰ কাৰণ হৈছে চন্দ্ৰ চক্ৰ, যিটো প্ৰায় 29.5 দিন । যিহেতু বেছিভাগ মাহ ইয়াতকৈ দীঘল হয়, সেয়েহে কেতিয়াবা ওভাৰলেপৰ বাবে একেটা মাহত দুবাৰকৈ অমাৱস্যাই দেখা দিয়ে ।
এই মাহৰ প্ৰথম চন্দ্ৰটো ডিচেম্বৰৰ আৰম্ভণিতে দেখা গৈছিল আৰু এতিয়া দ্বিতীয় চন্দ্ৰ অৰ্থাৎ 31 ডিচেম্বৰত ভাৰতত ক'লা চন্দ্ৰ দেখা দিয়ে । নীলা চন্দ্ৰ খালী চকুৰে দেখা নাযায়, কিন্তু ইয়াৰ আৱিৰ্ভাৱ মানে বছৰটোৰ আটাইতকৈ ক'লা আকাশ । সৰ্বাধিক আন্ধাৰৰ বাবে এই সময়ত চন্দ্ৰ-আন আন তৰা আৰু গ্ৰহ যেনে শুক্ৰ, বৃহস্পতি, মংগল গ্ৰহও দেখা যায় ।
আমেৰিকাৰ নৌ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি এইটো এটা অস্বাভাৱিক পৰিঘটনা কাৰণ প্ৰতি বছৰে এনেকুৱা নহয় । এইবাৰ ভাৰতত 2024 বৰ্ষৰ 31 ডিচেম্বৰৰ দিনা ভাৰতীয় সময় অনুসৰি পুৱা 3:57 বজাত ক'লা চন্দ্ৰ দৃশ্যমান হয় ।
যদি আপুনি এই পৰিঘটনাৰ সৰ্বোত্তম অভিজ্ঞতা লাভ কৰিব বিচাৰে, তেন্তে আপুনি নূন্যতম পোহৰ থকা মুকলি ঠাইলৈ যাব লাগিব । উদাহৰণস্বৰূপে, পাহাৰীয়া ষ্টেচন বা গাঁৱৰ আটাইতকৈ আন্ধাৰ আৰু মুকলি পথাৰখনলৈ গৈ এই পৰিঘটনাৰ সৰ্বোত্তম অভিজ্ঞতা লাভ কৰিব পাৰি ।
‘ব্লেক মুন’ চোৱাৰ বাবে বিশেষ টিপছ
- আপোনাৰ অঞ্চলৰ আটাইতকৈ আন্ধাৰ অঞ্চললৈ যাওক
- এই সময়ত বাইন’কুলাৰ বা টেলিস্কোপ ব্যৱহাৰ কৰি তৰা আৰু গ্ৰহবোৰ স্পষ্টকৈ চাব পাৰে
- আকাশ চোৱাৰ আগতে বতৰ পৰীক্ষা কৰক । যদি আপোনাৰ অঞ্চলত ডাৱৰ থাকে তেন্তে আপুনি ক’লা চন্দ্ৰৰ প্ৰকৃত সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব।
- আকাশলৈ চাই গ্ৰহবোৰ চাব, কিয়নো বৃহস্পতি, মংগল, শুক্ৰ আৰু শনি বিভিন্ন সময়ত দেখা যাব