ইন্ধন বিকল্প হিচাপে বাহন চলাচলৰ প্ৰযুক্তি দেখুৱালে ছাত্ৰই - National Technology Day 2024 - NATIONAL TECHNOLOGY DAY 2024
Published : May 12, 2024, 6:24 PM IST
ধেমাজি, ১২ মে': ১১ মে'ৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দিৱস হিচাপে পালন কৰে সমগ্ৰ দেশে ৷ সমগ্ৰ দেশৰ লগতে ধেমাজিতো ধেমাজি মাছখোৱা টাউন হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয় ৷ এই বিশেষ দিৱসৰ দিনটোতে মাছখোৱা টাউন হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ কুলদীপ শইকীয়াই ভঙা-ছিগা পেলনীয়া সামগ্ৰীৰে এখন বিদ্যুৎচালিত স্কুটি তৈয়াৰ কৰি বিদ্যালয়ে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দিৱসত প্ৰদৰ্শন কৰে ৷
মাছখোৱা টাউন হাইস্কুলৰ ছাত্ৰ কুলদীপ শইকীয়াই স্কুটিখন ছাত্ৰ-ছাত্ৰীসকলৰ আগত চলাই নিজৰ আবিষ্কাৰখিনি বৰ্ণনা কৰে ৷ কুলদীপ শইকীয়াৰ ভৱিষ্যত আৰু উজ্জ্বল হওক তাৰ কামনা কৰে প্ৰধান শিক্ষক গোবিন দত্ত দেৱ আৰু শিক্ষয়িত্ৰী মৌচুমী দিহিঙীয়াই ৷