অসম

assam

ETV Bharat / videos

চৰকাৰী প্ৰতাৰণাৰ প্ৰতিবাদ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

By ETV Bharat Assamese Team

Published : 4 hours ago

শিৱসাগৰ: অনুসূচিত জাতিৰ লোকসকলক চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিপক্ষে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই । শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৱে উত্তাল কৰি তোলে পৰিৱেশ । উত্থাপন কৰে কেইবাটাও দাবীৰ লগতে বহুকেইটা অভিযোগ । অনুসূচিত জাতিৰ লোকৰ উন্নয়নৰ বাবে আৱণ্টিত ১৪০ কোটি হৰলুকি কৰাৰ অভিযোগ সংগঠনটোৰ ।

অনুসূচিত জাতিৰ লোক অধ্যুষিত অঞ্চলৰ বাবে ধাৰ্য কৰা চৰকাৰী আঁচনি অন্যান্য জাতিৰ লোক বসবাস কৰা অঞ্চলত ৰূপায়ণ কৰাৰো অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ । অনুসূচিত জাতি পৰিষদ ভংগ কৰি জাতিগত প্ৰমাণ-পত্ৰ অন্য জাতিৰ লোককো অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰি অহাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে । সমূহ বিষয়ত বঞ্চনাৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক: ২৬ অক্টোবৰত দিছপুৰ ঘেৰাও কৰিবলৈ আহি আছে অনুসূচিত জাতি ছাত্ৰ সন্থা

য'ত অনুসূচিত জাতিৰ গাঁওসমূহ আৰম্ভ হৈছে তাৰ পৰাই উন্নয়ন শেষ হৈছে: অনুসূচিত জাতি ছাত্ৰ সন্থা - Scheduled Caste inhabited areas

ABOUT THE AUTHOR

...view details