নগাঁও : প্ৰথমবাৰৰ বাবে নগাঁৱৰ মৰিকলং বিলত অনুষ্ঠিত হ'ল আকৰ্ষণীয় বৰশী বোৱা প্ৰতিযোগিতা । ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত হোৱা ভোগালী উৎসৱৰ অংশ হিচাপে শনিবাৰে নগাঁৱৰ মৰিকলং বিলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় বৰশী বোৱা প্ৰতিযোগিতা । মৰিকলং বিলৰ পাৰত সহস্ৰাধিক দৰ্শকৰ ব্যাপক উছাহ আৰু তাৰ মাজতে বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি বৰশী বাই ধৰিলে মাছ ।
কোনে পালে প্ৰথম পুৰস্কাৰ ?
২০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ভোগালী উৎসৱৰ বৰশী বোৱা প্ৰতিযোগিতাত প্ৰায় ২ কেজি ওজনৰ এটা মাছৰ লগতে সৰ্বাধিক ৪ টাকৈ মাছ ধৰি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় নগাঁও চহৰৰ মৰিকলঙৰেই এজন লোকে । নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ উপৰিও বহিঃৰাজ্যৰো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নগাঁও চহৰৰ মৰিকলঙৰ লক্ষ্মণ পাচী নামৰ লোকজনে সৰ্বাধিক মাছৰ লগতে আটাইতকৈ ডাঙৰ মাছ ধৰাৰ বাবেই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । বৰশী বোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰা লক্ষ্মণ পাচীক সদৌ নগাঁও ভোগালী উৎসৱ সমিতিয়ে প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৫ হাজাৰ টকাৰ লগতে বৰশীৰে ধৰা মাছ প্ৰদান কৰে । আনহাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী প্ৰতিযোগীকেই নিজে ধৰা মাছ প্ৰদান কৰে ভোগালী উৎসৱ উদযাপন সমিতিয়ে ।
ভোগালী উৎসৱ উপলক্ষে নাও খেল প্ৰতিযোগিতা
উল্লেখ্য যে, নগাঁও ভোগালী উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে আয়োজন কৰা বৰশী বোৱা প্ৰতিযোগিতাৰ প্ৰতি নগাঁৱৰ ৰাইজৰ ব্যাপক সঁহাৰি আৰু উছাহ দেখা যায় । যাৰ বাবে প্ৰতিবছৰেই এই বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই । বৰশী বোৱা প্ৰতিযোগিতাৰ লগতে এইবাৰ ভোগালী উৎসৱত ষ্ট্ৰং মেন আৰু নাও খেল প্ৰতিযোগিতাৰ সংযোজন কৰাৰ কথা জানিবলৈ দিয়ে সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰা দাদুয়ে ।
পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব মৰিকলং
ইফালে নগাঁৱৰ মৰিকলং বিল অতি কম সময়ৰ ভিতৰতে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ কথাও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই ।