গোলাঘাট: কেইদিনমান পূৰ্বে বোকাখাতলৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওপাহাৰ পৰিদৰ্শন কৰি ঐতিহাসিক সম্পদৰ গৱেষণা আৰু সংৰক্ষণৰ কথা কৈছিল । মুখ্যমন্ত্ৰী চাগৈ দিছপুৰ নেপালেগৈয়ে, বোকাখাতৰ ঐতিহাসিক নুমলীগড়ত আৰম্ভ হৈ গ'ল বেদখল । যিখন বিলত ঐতিহাসিক নাৰী চৰিত্ৰ নুমলী কুঁৱৰীয়ে আত্মহত্যা কৰা বুলি কিংবদন্তি চলি আছে, সেইখন ৰৌদুৱাৰ বিলত এতিয়া ভূ-মাফিয়াৰ দপদপনি ।
নুমলীগড় ৰৌদুৱাৰ বিলৰ পিতনি মাটি দখলৰ প্ৰতিযোগিতা চলাৰ অভিযোগ উত্থাপন হৈছে । কিছু লোকে বিলখনৰ ভূমি এফালৰ পৰা অবৈধ দখল কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে । এই ভূ-মাফিয়াৰ বিৰুদ্ধে সৰৱ নুমলীগড়ৰ খিলঞ্জীয়া লোকসকল । ইতিহাসপ্ৰসিদ্ধ নুমলী কুঁৱৰীৰ স্মৃতি বিজড়িত ৰৌদুৱাৰ বিলখনৰ পিতনি সদৃশ ভূমিত থকা বন্যপ্ৰাণী, সৰীসৃপ, বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান উদং কৰি ভূমি দখলৰ চেষ্টা চলাইছে একাংশ ব্যৱসায়ীয়ে । এই অভিযোগ ৰাইজৰ ।
পিতনিৰ ভূমিত থকা গছ-গছনি কাটি তহিলং কৰা বাবে চৰাই-চিৰকটিয়ে অৱস্থান লৈছে কাষতে থকা ঘৰৰ ওপৰত । বিভিন্ন সৰীসৃপ, চৰাই-চিৰকটিৰ বিচৰণস্থলীৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ খাদ্যৰ ভৰসাস্বৰূপ পিতনিৰ ভূমিৰ বনাঞ্চল কাটি খাস্তাং কৰাৰ প্ৰতিবাদত ৰাইজ ওলাই আহিল । বনৰীয়া হাতীৰ বিচৰণ ভূমিত এনেকৈ চলোৱা অবৈধ দখলে নিকটৱৰ্তী গাঁৱত হাতীৰ উপদ্ৰৱ বৃদ্ধি কৰিব বুলি ৰাইজৰ অভিযোগ ।
এই সম্পৰ্কে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এজন কৰ্মীয়ে কয়, "আমাৰ নুমলীগড়ৰ দাঁতি-কাষৰীয়া অঞ্চলত এটা দলনি আছে য'ত বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিয়ে বসবাস কৰে । কিন্তু ইতিমধ্যে আমি জনা মতে ভূ-মাফিয়াই ঐতিহাসিক বিলখন অবৈধভাৱে দখলৰ চেষ্টা কৰি আহিছে । এই কাৰ্য বন্ধ কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ । ২০২১ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নুমলীগড় আঞ্চলিক সমিতিয়ে এখন পত্ৰ যোগে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিলোঁ যে নুমলী কুঁৱৰীৰ স্মৃতি বিজড়িত এই ৰৌদুৱাৰ বিলৰ পিতনি সংৰক্ষিত হৈ আছিল যদিও কিছুদিনৰ পৰা ভূ-মাফিয়াই দখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।"
এই সম্পৰ্কে সংগঠনটোৰ আন এজন কৰ্মীয়ে কয়, "নুমলীগড় ৰজাপথাৰত থকা এই বিলখনত বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষীৰ লগতে বিলুপ্তপ্ৰায় কিছুমান জীৱ-জন্তু বসবাস কৰি আহিছে আৰু এক অসাধু চক্ৰই বিভিন্ন কৌশল অৱলম্বন কৰি হাবি-জংঘল কাটি তহিলং কৰাৰ ফলত পক্ষীকুল আশ্ৰয়হীন হৈ জনাঞ্চললৈ গতি কৰিছে ৷ গতিকে এই ঠাইখন সংৰক্ষণৰ ব্যৱস্থা কৰি ইয়াক পৰ্যটনস্থলী হিচাপে অসম চৰকাৰে মৰ্যাদা প্ৰদান কৰিব লাগিব ।"
ইফালে স্থানীয় ৰাইজে এনে অবৈধ কাম প্ৰতিৰোধৰ বাবে ৬ জানুৱাৰীত সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছিল । পিছে সমজিলা প্ৰশাসনৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই বুলি উল্লেখ কৰে ৰাইজে । বন বিভাগৰ লোক আহিছিল যদিও সেই অঞ্চল তেওঁলোকৰ সীমাৰ ভিতৰত নপৰে বুলি এৰি থৈ যায় ।